ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ মাৰ্চ: সোমবাৰে আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰতৰ তৰফৰ পৰা মতামত আগবঢ়ালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । ফোনযোগে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰৰফ ঘানিৰে বাৰ্তালাপ কৰে । মঙলবাৰে নৱম হাৰ্ট অৱ এছিয়া-ইস্তানবুল প্ৰক্ৰিয়া মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে মন্ত্ৰী এছ জয়শংকৰ তাজিকিস্তানৰ ৰাজধানীত আছে ।
মন্ত্ৰী এছ জয়শংকৰে কয় যে, ৰাষ্ট্ৰপতি আশ্ৰৰফ ঘানিৰে কথা পাতিবলৈ পাই তেওঁ কৃতজ্ঞ । শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী ৰাষ্ট্ৰপতিগৰাকীক জনোৱা হৈছে বুলিও জয়শংকৰে টুইটযোগে জানিবলৈ দিয়ে । বিগত সপ্তাহত জয়শংকৰে কৈছিল যে, ভাৰতে আফগানিস্তানক স্পষ্টভাৱে সাৰ্বভৌম, গণতান্ত্ৰিক ৰূপত চাব বিচাৰে, যিয়ে সংখ্যালঘুসকলৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তালিবান আৰু আফগানিস্তান চৰকাৰে ১৯ বছৰীয়া যুদ্ধ সমাপ্ত কৰিবলৈ পোনপটীয়াভাৱে আলোচনা কৰি আছে ।