নিউজ ডেস্ক, 5 জুলাই : প্ৰায় 110দিনৰ অন্তত মুকলি কৰা হয় ডুবাইত থকা গুৰু নানক গুৰুদ্বাৰা ৷ কোভিড-19 মহামাৰীৰ বাবে বিগত সময়ত বন্ধ হৈ আছিল গুৰুদ্বাৰাটোৰ মুল দ্বাৰ ৷ ডুবাইত থকা এইটোৱে হৈছে একমাত্ৰ গুৰুদ্বাৰা য'ত শিখসকলে প্ৰাৰ্থনা আৰু সেৱা আগবঢ়ায় আৰু বিগত মাৰ্চৰ পৰাই ইয়াক বন্ধ কৰি ৰখা হৈছিল ৷
অৱশেষত ডুবাইৰ স্থানীয় জনগোষ্ঠী উন্নয়ন আয়োগে ইয়াক মুকলি কৰিবলৈ দিয়া অনুমতিৰ পিচতেই গুৰুদ্বাৰাটো মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিচালনা কমিটীয়ে ৷ এই কথা সংবাদমাধ্য়মৰ আগত প্ৰকাশ কৰে গুৰুদ্বাৰা পৰিচালনা কমিটীৰ অধ্যক্ষ সুৰেন্দৰ সিং কান্ধাৰীয়ে ৷