হায়দৰাবাদ,19 মে' : কুকুৰৰ প্ৰভুভক্তিৰ উদাৰহণৰ অভাৱ নাই এই পৃথিৱীত ৷ মানুহৰ অতিকে বিশ্বস্ত প্ৰাণী হিচাপে গণ্য কৰা হয় কুকুৰক ৷ এটি জীৱন্ত সমাধিস্থ শিশুক উদ্ধাৰ কৰি অতি বিশ্বাসী জন্তৰ আন এক নিদৰ্শন দাঙি ধৰিলে থাইলেণ্ডৰ এটা কুকুৰে ৷
মানুহে নুবুজে, কুকুৰে অনুভৱ কৰে শিশুৰ প্ৰতি মমতা - ETV BHARAT
থাইলেণ্ডৰ সংঘটিত হয় এই ঘটনা ৷ শিশুটিৰ মাতৃয়ে শিশুটিক জীৱন্তে সমাধিস্থ কৰিছিল শিশুটিক ৷
থাইলেণ্ডত সংঘটিত হয় এই ঘটনা ৷ শিশুটিৰ মাতৃয়ে শিশুটিক জীৱন্তে সমাধিস্থ কৰিছিল শিশুটিক ৷ অবৈধ মাতৃত্বৰ বিষয়ে যুৱতীগৰাকীয়ে পিতৃ-মাতৃৰ পৰা লুকুৱাই ৰাখিবলৈ সন্তানক সমাধিস্থ কৰে ৷
এই সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল পিং পং নামৰ কুকুৰটোৱে ৷ ইয়াৰ পাচতে ঠাইটুকুৰা ভৰিৰে খান্দি, ভুকি নিজৰ গৃহস্থৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ শিশুটিক সুস্থ বুলি প্ৰকাশ কৰা চিকিৎসকে ৷ ইতিমধ্যে শিশুটিৰ মাতৃক আটক কৰিছে আৰক্ষীয়ে ৷ আনহাতে শিশুটিৰ মাতৃৰ পৰিয়ালে শিশুটি ডাঙৰ দীঘল কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে ৷