নিউজ ডেস্ক, 27 এপ্ৰিল :ৰোহিংগীয়াৰ অৱস্থাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰিষদক পুনৰবাৰ সকীয়াই দিয়ে ৰাষ্ট্ৰসংঘই ৷ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা ৰোহিংগীয়াৰ অৱস্থাৰ বিষয়ে চকু দিবলৈ শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় পৰিষদলৈ আহ্বান জনায় ৰাষ্ট্ৰসংঘই৷
ৰোহিংগীয়াৰ পৰিস্থিতিৰ বিষয়ে পাহৰি নাযাবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান
ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ অত্যাচাৰত বিগত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশলৈ পলায়ন কৰিছিল 7 লাখতকৈও অধিক ৰোহিংগীয়া মুছলমানে ৷ দক্ষিণ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত বৰ্তমানে অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰি আছে ৰোহিংগীয়াসকলে৷
শুকুৰবাৰে বাংলাদেশৰ কক্সবজাৰস্থিত ৰোহিংগীয়াৰ আশ্ৰয় শিবিৰ পৰ্যবেক্ষণ কৰি তাৎক্ষণিকভাৱে এই আহ্বান জনায় ৰাষ্ট্ৰসংঘৰ মানৱ পৰিক্ৰমা বিভাগৰ সচিব প্ৰধান মাৰ্ক লঅ'ক'কই৷ ৰোহিংগীয়াৰ আশ্ৰয় তথা পুনৰসংস্থাপনৰ বাবে ধন সংগ্ৰহত ব্যস্ত আছে বুলিও জানিব দিয়ে মাৰ্ক লঅ'ক'কে ৷ বিশ্বৰ সংস্থাসমূহক ৰোহিংগীয়াৰ পৰিস্থিত পাহৰি নাযাবলৈও আহ্বান জনায় ৰাষ্ট্ৰসংঘৰ মানৱ পৰিক্ৰমা বিভাগৰ সচিব প্ৰধানগৰাকীয়ে৷
উল্লেখ্য যে, ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ অত্যাচাৰত বিগত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশলৈ পলায়ন কৰিছিল 7 লাখতকৈও অধিক ৰোহিংগীয়া মুছলমানে ৷ দক্ষিণ বাংলাদেশৰ বিভিন্ন আশ্ৰয় শিবিৰত বৰ্তমানে অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰি আছে ৰোহিংগীয়াসকলে৷