ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ মাৰ্চ:শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ম্যানমাৰ সামৰিক বাহিনীৰ হিংসাৰ পদক্ষেপক নিন্দা ১২ খন দেশৰ প্ৰতিৰক্ষা মুৰব্বীৰ । দেওবাৰে যুটীয়া বিবৃতিযোগে ম্যানমাৰ সেনাৰ ভূমিকাক গৰিহণা দিয়ে প্ৰতিৰক্ষা মুৰব্বীসকলে । ম্যানমাৰ সেনাৰ আক্ৰোশমূলক স্থিতিৰ বাবে ১০জনৰো অধিক লোকৰ মৃত্যু হোৱা ঘটনাক গৰিহণা দি আমেৰিকা যুক্তৰাষ্ট্ৰ,জাৰ্মানী, ইটালী, ডেনমাৰ্ক, গ্ৰীচ, নেডাৰলেণ্ড, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া আৰু জাপানে এই বিবৃতি জাৰি কৰে ।
লগতে প্ৰতিৰক্ষা মুৰব্বীসকলে ম্যানমাৰৰ সশস্ত্ৰ বাহিনীক হিংসা বন্ধ কৰিবলৈ আৰু ম্যানমাৰৰ জনসাধাৰণৰ সৈতে সন্মান আৰু ভাতৃত্ববোধৰ আচৰণ কৰিবলৈ আহ্বান জনায় । বিবৃতি অনুসৰি এগৰাকী পেছাদাৰী সেনাই আন্ত:ৰাষ্ট্ৰীয় মানদণ্ড অনুসৰণ কৰে আৰু ৰাইজৰ ক্ষতি নকৰে তাৰ পৰিৱৰ্তে ৰাইজৰ প্ৰতি সকলো সময়তে দায়বদ্ধ থাকে ।