অসম

assam

ETV Bharat / international

ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠক সমাপ্তঃ কাশ্মীৰ সন্দৰ্ভত চীনা ৰাষ্ট্ৰদূতৰ উদ্বিগ্নতা - চীনা ৰাষ্ট্ৰদূতৰ কাশ্মীৰ সন্দৰ্ভত মন্তব্য

কাশ্মীৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত উদ্বিগ্নতা প্ৰকাশ কৰিলে ৰাষ্ট্ৰসংঘৰ চীনা ৰাষ্ট্ৰদূত জ্যাং জুনে ৷ ভাৰত আৰু পাকিস্থান উভয়েই কাশ্মীৰৰ সন্দৰ্ভত একপক্ষীয় ব্যৱস্থা গ্ৰহণ কৰা বন্ধ কৰা উচিত,ভাৰতবৰ্ষই সংবিধানৰ সংশোধন কৰি চীনদেশৰ সাৰ্বভৌমত্বলৈ প্ৰত্যাহ্বান আনিছে বুলি মন্তব্য ৰাষ্ট্ৰদূতজনৰ ৷

কাশ্মীৰ সন্দৰ্ভত চীনা ৰাষ্ট্ৰদূতৰ উদ্বিগ্নতা

By

Published : Aug 16, 2019, 11:48 PM IST

নেছনেল ডেক্স, 16 আগষ্টঃ ৰাষ্ট্ৰসংঘৰ চীনা ৰাষ্ট্ৰদূত জ্যাং জুনে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন সভাত ব্যক্ত কৰিছে যে, ভাৰত আৰু পাকিস্থান উভয়েই কাশ্মীৰৰ সন্দৰ্ভত একপক্ষীয় ব্যৱস্থা গ্ৰহণ কৰা বন্ধ কৰা উচিত ৷ ৰাষ্ট্ৰদূতজনে সাংবাদিকৰ আগত কয় যে, ইতিমধ্যে কাশ্মীৰৰ অৱস্থা যথেষ্ট ভয়াৱহ আৰু উত্তেজনাপূৰ্ণ ৷ এই সমস্যা সমাধানৰ বাবে দুয়োখন দেশে দ্বিপাক্ষিকভাৱে ব্যবস্থা গ্ৰহণ কৰা প্ৰয়োজন৷ চীন দেশে কাশ্মীৰৰ বিষয়টোক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু বিষয়টোক বেছি ক্ষতি কৰিব পৰা যিকোনো একপক্ষীয় সিদ্ধান্তকেই দেশখনে বিৰোধিতা কৰিব ৷ তেওঁ লগতে কয় যে, দুয়োখন দেশে ৰাষ্ট্ৰসংঘৰ সহযোগত এই বিষয়টোক সমাধান কৰা উচিত ৷ ভাৰতবৰ্ষই কাশ্মীৰ সন্দৰ্ভত সংবিধানৰ সংশোধন কৰি কাশ্মীৰৰ স্থিতাৱস্তালৈ পৰিবৰ্তন আনিছে, যিয়ে অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিছে ৷ ভাৰতবৰ্ষই এই কাৰ্যৰ জৰিয়তে চীনদেশৰ সাৰ্বভৌমত্বলৈ প্ৰত্যাহ্বান আনিছে বুলিও তেওঁ ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

...view details