অসম

assam

ETV Bharat / international

এইপৰ্যন্ত বিশ্বজুৰি ক'ৰনা ভাইৰাছত মৃত্যু 2,715 গৰাকী ব্যক্তিৰ

চীনত ক'ৰনা ভাইৰাছত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰামান্বায়ে হ্ৰাস পাইছে যদিও বিশ্বৰ আন-আন দেশলৈ নতুনকৈ সংক্ৰমণ হৈছে মাৰাত্মক ক'ৰনা ভাইৰাছৰ ৷

Death toll of coronavirus in China reaches to 2,715
এইপৰ্যন্ত বিশ্বজুৰি ক'ৰনা ভাইৰাছত মৃত্যু 2,715 গৰাকী ৰোগীৰ

By

Published : Feb 26, 2020, 10:24 AM IST

Updated : Feb 26, 2020, 12:08 PM IST

বেইজিং, 26 ফেব্ৰুৱাৰীঃকৰ'না ভাইৰাছৰ প্ৰকোপৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই চীন ৷ দেশখনত বুধবাৰৰ দিনটোত পুনৰ 406 গৰাকী লোকৰ শৰীৰত নতুনকৈ ক'ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে 52 গৰাকী ৰোগীৰ ৷ দেশখনৰ হোৱেই আৰু য়ুহান চহৰতেই আটাইকেইগৰাকী নতুন ৰোগী চিনাক্ত কৰাৰ লগতে মৃত্যু হৈছে ৷

চীনত এই পৰ্যন্ত মুঠ 2,715 গৰাকী ৰোগীৰ এই নতুন ভাইৰাছত মৃত্যু হৈছে ৷ বিপৰীতে এই পৰ্যন্ত 78,064 গৰাকী লোক ক'ৰনা ভাইৰাছত আক্ৰান্ত হৈছে ৷

এইপৰ্যন্ত বিশ্বজুৰি ক'ৰনা ভাইৰাছত মৃত্যু 2,715 গৰাকী ৰোগীৰ

ক্ৰমান্বয়ে চীনত ক'ৰনা ভাইৰাছত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হ্ৰাস পাইছে যদিও সমগ্ৰ বিশ্বজুৰি বৰ্তমান পৰ্যন্ত 80,000 লোক ক'ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 2,700 গৰাকী ৰোগীৰ মৃত্যু হৈছ ৷

কিন্তু উদ্বেগজনক কথাটো হ'ল, ইটালী, ইৰাণ, ফ্ৰান্স, আলজেৰিয়া, স্পেইন আদি দেশলৈও ক্ৰমান্বয়ে এই ভাইৰাছৰ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে ৷

Last Updated : Feb 26, 2020, 12:08 PM IST

ABOUT THE AUTHOR

...view details