অসম

assam

ETV Bharat / international

ৰমজানৰ আৰম্ভণিতে পাকিস্তানত বিস্ফোৰণ - suicide bombing

2010 চনৰ পাচত পুনৰ আক্ৰমণৰ লক্ষ্য হ’ল পাকিস্তানৰ ডাটা দৰবাৰ শ্ৰাইন ৷ সন্ত্ৰাসবাদীৰ এই আত্মঘাতী আক্ৰমণত নিহত আঠজন ৷

etv bharat

By

Published : May 8, 2019, 2:09 PM IST

Updated : May 8, 2019, 3:15 PM IST

লাহোৰ, 8 মে’: পাকিস্তানৰ ডাটা দৰবাৰ শ্ৰাইনৰ বাহিৰত বুধবাৰে সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ আত্মঘাতী বিস্ফোৰণটোত 8 গৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আহত হয় প্ৰায় 25 গৰাকীকৈ লোক ৷ নিহত লোকসকলৰ ভিতৰতে আছিল তিনিগৰাকী আৰক্ষী বিষয়া ৷

পঞ্জাৱ আৰক্ষী মুখপাত্ৰ নয়াব হাইডৰে প্ৰকাশ কৰা অনুসৰি, এই বিস্ফোৰণ আছিল আত্মঘাতী বিস্ফোৰণ ৷ চেকিং গেটৰ বাহিৰতে ৰাখি থোৱা এখন আৰক্ষীৰ বাহনক লক্ষ্য কৰি বিস্ফোৰণটো সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে ৷

বিস্ফোৰণটোৰ পাচতেই আক্ৰমণকাৰীৰ মৃতদেহটো মায়’ হস্পিতাললৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পূৰ্বেও 2010 চনত ডাটা দৰবাৰ শ্ৰাইনক আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছিল সন্ত্ৰাসবাদীয়ে ৷ য’ত কমেও 40 গৰাকীকৈ লোক নিহত হৈছিল ৷

Last Updated : May 8, 2019, 3:15 PM IST

ABOUT THE AUTHOR

...view details