অসম

assam

ETV Bharat / international

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰ আদেশ - পাৰভেজ মুশ্বাৰফ

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰ আদেশ | সংবিধান উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল মুশ্বাৰফৰ বিৰুদ্ধে |

death penalty to general pervez musharraf
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰ আদেশ

By

Published : Dec 17, 2019, 1:08 PM IST

Updated : Dec 17, 2019, 8:45 PM IST

ইন্টাৰনেচনেল ডেক্স, 17 ডিচেম্বৰঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰ আদেশ ৷ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তিনিজনীয়া বিচাৰপীঠে ঘোষণা কৰে এই ৰায় ৷ সংবিধান উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল মুশ্বাৰফৰ বিৰুদ্ধে ৷ মঙলবাৰে পেছোৱাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৱাকৰ আহমেদ সেথ,সিন্ধু উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশ নজৰ আকবৰ,লাহোৰ উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশ শ্বাহিদ কৰীমে মুশ্বাৰফৰ বিৰুদ্ধে দেশদ্ৰোহৰ ৰায়ৰ শুনানি গ্ৰহণ কৰে ৷

ডিচেম্বৰৰ আৰম্ভণিতে বিশেষ আদালতে কয় যে, ই উক্ত ঘটনাৰ শুনানি ডিচেম্বৰৰ 17 তাৰিখে গ্ৰহণ কৰিব ৷ মুশ্বাৰফে 2007 চনৰ 3 নবেম্বৰত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে আদালতে 19 ডিচেম্ববৰত শুনানি গ্ৰহণ কৰে ৷ আদালতে উক্ত ঘটনাৰ শুনানিৰ দিন 28 নৱেম্বৰ ঘোষণা কৰে যদিও ইমৰান খান চৰকাৰে শুনানিৰ বিপক্ষে আবেদন জনোৱাৰ বাবে ইছলামাবাদ উচ্চ ন্যায়ালয়ে শুনানি স্থগিত কৰে ৷

2016 চনৰ পাৰভেজ মুশ্বাৰফ ‘চিকিৎসাজনিত কাৰণত’ ডুবাইত স্ব-আৰোপিত নিৰ্বাসনত আছিল ৷ প্ৰাক্তন নেতাগৰাকীৰ উচ্চ স্তৰীয় এই ঘটনাটো 2013 চনৰ ডিচেম্বৰ মাহলৈকে স্থগিত হৈ আছিল ৷ 2014 চনৰ 31 মাৰ্চত তেখেতক সন্দেহৰ আওতালৈ অনা হৈছিল আৰু চলিত বৰ্ষৰ চেপ্টেম্বৰ মাহত তেওঁৰ বিষয়ে চলি থকা অভিযোগৰ সমগ্ৰ তথ্য বিশেষ আদালতৰ সন্মুখলৈ লৈ আহে ৷

উল্লেখ্য যে, 2016 চনৰ মাৰ্চ মাহত তেখেতে চিকিৎসাজনিত কাৰণত পাকিস্তান ত্যাগ কৰিছিল ৷ সেই সময়ত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক আদালতত উপস্থিত নথকাৰ বাবে পলৰীয়া আখ্যা দিয়া হৈছিল ৷ অৱশেষত আদালতে ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চীক তেখেতক আটক কৰাৰ বাবে আদেশ প্ৰদান কৰে ৷

আৰু পঢ়ক- নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত অসমীয়াৰ প্ৰতিবাদ

Last Updated : Dec 17, 2019, 8:45 PM IST

ABOUT THE AUTHOR

...view details