অসম

assam

By

Published : Apr 3, 2020, 6:39 PM IST

ETV Bharat / international

বাংলাদেশৰ অত্যাধিক জনবসতিৰ শৰনাৰ্থী শিবিৰত কৰ'ণা ভাইৰাচ সংক্ৰমণৰ শংকা

10 মিলিয়ন লোক থকা শৰণাৰ্থী শিবিৰত জনসংখ্যাৰ ঘনত্ব প্ৰতিবৰ্গকিল' মিটাৰত 40000 জন । প্লাষ্টিকৰ তম্বুৰ তলত থকা এই জনসংখ্যাৰ ঘনত্ব বাংলাদেশৰ জনসংখ্যাৰ ঘনত্বতকৈ 40 গুণ অধিক । প্ৰতিটো তম্বুৰ কোঠালি 10 বৰ্গ মিটাৰ, য'ত 12 জন পৰ্যন্ত লোকে বাস কৰে ।

বাংলাদেশৰ অত্যাধিক জনৱসতিৰ শৰনাৰ্থী শিবিৰত কৰ'ণা ভাইৰাচ সংক্ৰমনৰ শংকা
বাংলাদেশৰ অত্যাধিক জনৱসতিৰ শৰনাৰ্থী শিবিৰত কৰ'ণা ভাইৰাচ সংক্ৰমনৰ শংকা

ঢাকাঃবাংলাদেশৰ ঢাকাত থকা বিশ্বৰ অন্যতম বৃহৎ শৰণাৰ্থী শিৱিৰত কৰ'ণা ভাইৰাচ সংক্ৰমনৰ আশংকা কৰা হৈছে । অধিকাৰিক সতৰ্কতা অনুসৰি তাত 1 মিলিয়ন শৰণাৰ্থী আছে । এই ৰহিংগীয়া মুচলমান শৰণাৰ্থীৰ মাজত কেনেবাকৈ এজনৰ তাতো কৰ'ণা ভাইৰাচৰ সংক্ৰমন হ'ব লাগিলে যথেষ্ট ক্ষতিগ্ৰস্থ হ'ব বাংলাদেশ ।

1 মিলিয়ন লোক থকা উক্ত শৰণাৰ্থী শিবিৰত জনসংখ্যাৰ ঘনত্ব প্ৰতিবৰ্গকিল'মিটাৰত 40000 জন । প্লাষ্টিকৰ তম্বুৰ তলত থকা এই জনসংখ্যাৰ ঘনত্ব বাংলাদেশৰ জনসংখ্যাৰ ঘনত্বতকৈ 40 গুণ অধিক ।

প্ৰতিটো তম্বুৰ কোঠালি 10 বৰ্গ মিটাৰ, য'ত 12 জন পৰ্যন্ত লোকে বাস কৰে ।

তাত এতিয়ালৈ কোভিড-19ৰ কোনো কেচ পোৱা নাই, কিন্তু অধিকাৰী সকল এই বিষয় লৈ যথেষ্ট সচেতন হৈ আছে । ইউ.এন.-এ পৰীক্ষণৰ কোনো ব্যৱস্থা কৰা নাই যদিও কোনো সন্দেহাতীত লোক পালেই চৰকাৰী হস্পাতাললৈ পঠিয়াই দিয়া হয় ।

আমি তেওঁলোকক ৰক্ষা কৰাৰ সকলো চেষ্টা কৰি আছো যদিও ভাইৰাচ সংক্ৰমণ হ'লে আমাৰ বাবে বহু জটিল হৈ পৰিব- এচছিয়েট প্ৰেছৰ লগত হোৱা কথা বাৰ্তাত এইদৰে কয় বাংলাদেশৰ এগৰাকী উচ্চস্তৰীয় বিষয়াই ।

তেওঁ কয় যে, 34 টা এনে কেম্প আছে যিয়ে ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ।

উক্ত শৰণাৰ্থী শিবিৰত অত্যাধিক লোক আছে । এটা পৰিয়ালৰ সদস্যই বহুত । তেনে পৰিস্থিতিত সকলোকে সুকীয়াকৈ ৰখাটো অসম্ভৱ । মহম্মদ কামাল হুচেইন নামৰ চৰকাৰি বিষয়া এগৰাকীয়ে এইদৰে কয় । লগতে অত্যাৱশ্যকীয় কামৰ বাহিৰে বিদেশী লোক এই স্থানলৈ যোৱাটো নিষেধ কৰা বুলিও জনাই ।

বাংলাদেশত বৰ্তমানলৈ 54 টা কোভিড-19ৰ কেচ আছে আৰু তাৰে 6 জনৰ মৃত্যু হৈছে । 160 মিলিয়ন লোকে বাস কৰা বাংলাদেশত 11 এপ্ৰিললৈ লক ডাউন ঘোষণা কৰা হৈছে ।

এই শিবিৰৰ ভিতৰত 100 খন আছুতীয়া বিছনা তৈয়াৰ কৰা হৈছে । লগতে শিবিৰৰ বাহিৰত ইউ এন শৰনাৰ্থী এজেন্সীৰ পৰা 1200 খন অতিৰিক্ত বিছনাৰ উখিয়া আৰু টেকনাফত ব্যৱস্থা কৰা হৈছে ।

ABOUT THE AUTHOR

...view details