ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ জানুৱাৰী: ইটোৰ পিছত সিটো ৰোগে লগ নেৰা হৈছে আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি ছাৰকিছিয়ানৰ । নিউম'নিয়া ৰোগত আক্ৰান্ত হৈছে ৰাষ্ট্ৰপতিগৰাকী । সম্প্ৰতি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বুধবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰে ।
শেহতীয়াকৈ ৰাষ্ট্ৰপতি ছাৰকিছিয়ান COVID-১৯ত আক্ৰান্ত হৈছিল আৰু বাসভৱনতে তেওঁৰ চিকিৎসা চলি আছিল । এই সময়তে তেওঁ নিউম'নিয়া ৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । জ্বৰ, ডাবল নিউম'নিয়া আদি লক্ষণ থকাৰ বাবে এতিয়াও তেওঁৰ স্বাস্থ্যৰ অৱস্থা জটিল হৈ আছে ।