ইণ্টাৰনেশ্যনেল ডেস্ক, 19 অক্টোবৰ:বিশ্বজুৰি কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 4,02,81,080 গৰাকী লোকলৈ ৷ আনহাতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 11,18,326 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত 3,01,16,228 গৰাকীতকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷
উল্লেখ্য যে, কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 83,87,799 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে, মত্যুক সাৱটি লৈছে 2,24,730 গৰাকী লোকে ৷