নিউজ ডেস্ক, 17 আগষ্ট:সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় মুঠ 2,18,17,650 গৰাকী লোকলৈ ৷ সোমবাৰৰ দিনটোলৈ বিশ্বত মুঠ 1,99,889 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গৈছে এই মহামাৰীৰ অৱস্থিতি ৷
উল্লেখ্য যে, এই মহামাৰীত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বতে মুঠ 7,72,751 গৰাকী লোকলৈ বৃদ্ধি পায় মৃতকৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত বিশ্বত মুঠ 3,747 গৰাকী লোকে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷
এই পৰ্যন্ত বিশ্বৰ দেশসমূহৰ ভিতৰত কৰ'ণা মহমাৰীত সৰ্বাধিক আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 55,66,600 তকৈয়ো অধিক লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে, 1,73,128 গৰাকীলৈ বৃদ্ধি পায় আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা ৷