নিউজ ডেস্ক, 12 জুলাই : 12 জুলাইৰ দিনটোত সমগ্ৰ বিশ্বতে নতুনকৈ 2,25,251 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা হ'লগৈ 1,28,39,566 গৰাকী ৷ আনহাতে সোমবাৰৰ দিনটোত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ'ল মুঠ 5,587 গৰাকী ৷ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোকৰ সংখ্যা বৃদ্ধি পালে 5,67,574 গৰাকীলৈ ৷
বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা মহামাৰীৰ শেহতীয়া খবৰ - বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা মহামাৰী3
বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰী সম্প্ৰসাৰণৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ দ্বাৰা বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে আমেৰিকা ৷ দেশখনত কৰ'ণা সংক্ৰমণৰ সংখ্যা 33,55,646 গৰাকীলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যা বৃদ্ধি পালে 1,37,403 গৰাকীলৈ ৷ ইয়াৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয়তে কৰ'ণা মহামাৰীৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা সৰ্বাধিক পোৱা গৈছে ক্ৰমে ব্ৰাজিল আৰু ভাৰতত ৷ ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা 18,40,182 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে , ভাৰতত বৃদ্ধি পাইছে 8,50,358 গৰাকীলৈ ৷ সমান্তৰালভাৱে পেৰু, স্পেইন আদি দেশতো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷
লগতে পঢ়ক :হাস্পতালৰ পৰা কি ক'লে অমিতাভ বচ্চনে ?