ইন্টাৰনেশ্যনেল, 22 মাৰ্চ : কৰ'ণা ভাইৰাছে পাকিস্তানত 650 ৰো অধিক লোকৰ প্ৰাণ কঢ়াৰ পাচতো ৰাষ্ট্ৰজোৰা লকডাউনৰ বাবে মান্তি হোৱা নাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ৷ বৰ্তমানলৈকে পাকিস্তানত তিনিজন লোকৰ মৃত্যু হোৱা বুলি তথ্য লাভ কৰা হৈছে ৷
বিশ্লেষকে প্ৰদান কৰা পৰামৰ্শ অনুসৰি, প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকা বাবে বিমান বাতিল কৰাৰ লগতে সম্পূৰ্ণৰূপে লকডাউন জাৰি কৰিব লাগে ৷
এই সম্পৰ্কত প্ৰধানমন্ত্ৰী ইমৰান খানে কয়, "লকডাউন সান্ধ্য আইনৰ দৰে, ইয়াৰ ফলত দেশত অশান্তিয়ে বিৰাজ কৰিব আৰু মই সেইটো কৰিব নোৱাৰো ৷ ইয়াৰ ফলত দুখীয়া লোকসকলৰ জীৱনত প্ৰভাৱ পৰিব ৷"
খানে কয় যে, মঙলবাৰে চৰকাৰে কিছুমান অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰিব ৷ "বিশ্বৰ কিছুমান ৰাষ্ট্ৰই অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা কৰিছে কিন্তু আমি সেই ৰাষ্ট্ৰসমূহৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰে ৷ আমি নিম্ন শ্ৰেণীৰ লোক আৰু বনুৱা গোষ্ঠীক কৰ'ণা ভাইৰাছৰ পৰা সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম ৷ আমি ঘোষণা কৰিবলগা পেকেজৰ ফলত এয়া সম্ভৱ হৈ উঠিব ৷"
উল্লেখ্য যে, আৱশ্যকীয় চিকিৎসা সামগ্ৰী যেনে, মাস্ক, টেষ্ট কিট আৰু ভেন্টিলেটৰ ব্যৱস্থাৰো অভাৱে পাকিস্তানত ৷ ইয়াৰ ফলত চিকিৎসক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ প্ৰদান কৰিছে ৷
এনে সময়তে অৰ্থনৈতিকভাৱে দূৰ্বল পাকিস্তানক প্ৰায় 588 মিলিয়ন আমেৰিকান ডলাৰ প্ৰদান কৰাৰ ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু এছিয়ান ডেভেলপমেন্ট বেংকে ৷
আৰু পঢ়ক : একাপ চাহে আপোনাক সহায় কৰিব পাৰে কৰ'ণা ভাইৰাছ প্ৰতিৰোধত