অসম

assam

ETV Bharat / international

106 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

চীনত সংহাৰী ৰূপ লোৱা কৰ’ণা ভাইৰাছত মৃত্যু 106 জনকৈ লোকৰ ৷ ৰাষ্ট্ৰখনত নতুনকৈ ধৰা পৰিছে 1300 টা সংক্ৰমণৰ ঘটনা ৷

106 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা
106 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

By

Published : Jan 28, 2020, 11:13 AM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 28 জানুৱাৰীঃ চীনত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ৷ বৰ্তমানলৈকে এই ভাইৰাছত দেশখনত মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পাইছে 106 জনলৈ ৷ ইপিনে ৰাষ্ট্ৰখনত নতুন কৈ ধৰা পৰিছে 1300 টা সংক্ৰমিতৰ ঘটনা ৷ মঙলবাৰে এই কথা সদৰী কৰে চীনৰ চৰকাৰী কতৃপক্ষই ৷

যাৰ বাবে বৰ্তমান চীন চৰকাৰে সকলো নাগৰিকে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ লুনাৰ নিউ ইয়াৰ (Lunar New Year)ৰ বন্ধৰ দিন পুনৰ বৃদ্ধি কৰিছে ৷ যাতে সকলো নাগৰিকে নিৰাপদে ঘৰত থাকিব পাৰে ৷

ইতিমধ্যে চীনৰ ওহান চহৰৰ পৰা অন্য দেশৰ নাগৰিক সকলক সেই ঠাইৰ পৰা নিৰাপদ স্থানলৈ নিয়াৰ বাবে যো-জা চলাই থকা হৈছে ৷ ইয়াৰ ভিতৰত আছে ফ্ৰান্স,জাপান,ভাৰত লগতে আমেৰিকা ৷ ইপিনে নাগৰিক সকলক বাহিৰ কৰিবলৈ যথোপযুক্ত সকলো সুবিধা প্ৰদান কৰিছে শ্ৰীলংকা আৰু ম্যানমাৰ চৰকাৰে ৷

হুৱেই প্ৰদেশ স্বাস্থ্য আয়োগে জনোৱা মতে,কৰ’ণা ভাইৰাইছত নতুনকৈ 24 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 1291 গৰাকী লোক সংক্ৰমিত হৈছে ৷ বৰ্তমান ৰাষ্ট্ৰখনত এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পাইছে 4000 ত অধিক ৷

ABOUT THE AUTHOR

...view details