ইন্টাৰনেশ্য নেল ডেস্ক, 18 জুন : বৃহস্পতিবাৰে চীনৰ দ্বাৰা হোৱা আন এটা অনুপ্ৰৱেশৰ ঘটনাৰ অভিযোগ উত্থাপন কৰিছে টাইৱানে ৷ অভিযোগ অনুসৰি, চীনৰ বায়ু সেনাৰ সাতখন যুদ্ধ বিমানে দ্বীপটোৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰলৈ (air defence identification zone ) উৰা মাৰিছিল। চাউথ চাইনা মৰ্ণিং পোষ্টে(south China morning post) জনোৱা অনুসৰি, পিপল লিবাৰেচন আৰ্মীয়ে(peoples liberation army) দ্বীপটোৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰলৈ অভিলেখ সংখ্যক ২৮ খন বিমান প্ৰেৰণ কৰাৰ মাত্ৰ দুদিন পিছত এই ঘটনা সংঘটিত হৈছে । শেহতীয়া আক্ৰমণটোত দুখন নতুন মডেলৰ জে-১৬ যুঁজাৰু বিমান, চাৰিখনকৈ পুৰণি মডেলৰ জে-৭ যুঁজাৰু আৰু এখন ৱাই-৮ বৈদ্যুতিক যুদ্ধ বিমান অন্তৰ্ভুক্ত আছিল ।
এক বিবৃতি যোগে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনায় যে, বিমানসমূহে দ্বীপটোৰ বায়ু সেনা(air force)ক বিমানৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ জেট সমূহ ৰক্ষণা-বেক্ষণ দি ৰখা, ৰেডিঅ' সতৰ্কবাণী জাৰি কৰা আৰু বায়ু প্ৰতিৰক্ষা মিছাইল প্ৰণালী (air defence missile system) মোতায়েন কৰিবলৈ বাধ্য কৰিব ৷ মন্ত্ৰালয়ে জনোৱা অনুসৰি, চলিত মাহত পিএলএ বিমানসমূহে টাইৱানৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰসমূহত ষষ্ঠবাৰৰ বাবে প্ৰৱেশ কৰিছে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেশখনৰ আইনসভাত প্ৰকাশ কৰা এক নথি অনুসৰি টাইৱানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চলি থকা আৰ্টিলাৰী ৰকেট চিষ্টেম আৰু হাৰ্পুন কোষ্টাল ডিফেন্স চিষ্টেমৰ বাবে দুটা অস্ত্ৰ সংগ্ৰহৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে ৷ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি এই চুক্তি কেইটাই দ্বীপটোৰ অসমযুদ্ধ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰে ।