অসম

assam

ETV Bharat / international

এতিয়াৰে পৰা চীনা দম্পতীয়ে জন্ম দিব পাৰিব তিনিটা সন্তান

চীনত শিথিল কৰা হ'ল পৰিয়াল পৰিকল্পনা নীতি ৷ চীনা দম্পতীসকলক তিনিটা সন্তানৰ বাবে অনুমতি প্ৰদান ৷ দেশৰ জনসংখ্যাগত সমস্যা সমাধানৰ বাবে চীন চৰকাৰৰ এই পদক্ষেপ গ্ৰহণ ৷

chinese couples can now have three children
এতিয়াৰে পৰা চীনা দম্পতীয়ে জন্ম দিব পাৰিব তিনিটা সন্তান

By

Published : May 31, 2021, 7:35 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 মে':অৱশেষত তিনিটা সন্তান জন্ম দিয়াৰ বাবে চীনা দম্পতীসকলে লাভ কৰিলে আনুষ্ঠানিক অনুমতি ৷ সোমবাৰে চীন চৰকাৰে দেশখনৰ পৰিয়াল পৰিকল্পনা নীতি কিছু পৰিমাণে শিথিল কৰি এতিয়াৰে পৰা চীনা দম্পতীয়ে তিনিটা সন্তান জন্ম দিব পাৰিব বুলি আনুষ্ঠানিক অনুমতি প্ৰদান কৰে ৷ দেশৰ জনসংখ্যাগত সমস্যা সমাধানৰ বাবেই চীন চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি চীনত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ পৰিৱৰ্তে কৰ্মক্ষম বয়সৰ লোকৰ সংখ্যা নিম্নগামী হ'বলৈ ধৰিছে ৷ চীন কৰ্তৃপক্ষই মাতৃত্বকালীন ছুটী আৰু প্ৰসূতি বীমা প্ৰণালী উন্নত কৰাৰ লগতে সমৰ্থন আঁচনিসমূহ শক্তিশালী কৰাৰ বাবেও আশ্বাস প্ৰদান কৰিছে ৷

লগতে পঢ়ক:ম্যানমাৰত সামৰিক অভিযানত বৰ্তমানলৈকে নিহত ৮৪০ গৰাকী

ABOUT THE AUTHOR

...view details