অসম

assam

ETV Bharat / international

ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত-পাকিস্তানৰ সমস্যা আৰু চীন

ভাৰত পাকিস্তাৰ সমস্যাক লৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত হঠাৎ কিয় সৰৱ ৰঙা চীন ? 2019 বৰ্ষৰ 16 আগষ্টত, পিপলচ ৰিপাব্লিক অৱ চীনে (পি আৰ চি) ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত ৰুদ্ধ দ্বাৰ বৈঠকেৰে এই বিষয়টোক আলোচনা কৰাৰ প্ৰসংগ উল্লেখ কৰি সকলোকে আচৰিত কৰি তুলিছে ৷ তাৎপৰ্যপূৰ্ণভাৱে পৰিষদৰ আন 14 খন সদস্য ৰাষ্ট্ৰৰ কোনোৱেই এই আলোচনাৰ পি আৰ চিৰ সৈতে সহমত নহয় ৷

ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত-পাকিস্তানৰ সমস্যা আৰু চীন

By

Published : Oct 10, 2019, 6:15 PM IST

নিউজ ডেক্স, 10 অক্টোবৰ: 1971 চনৰ 21 ডিচেম্বৰৰ পৰাই "ভাৰত-পাকিস্তান প্ৰশ্ন" ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত (ইউ এন এছ চি) নিষ্ক্ৰিয় হৈ আছিল ৷ 2019 বৰ্ষৰ 16 আগষ্টত, পিপলচ ৰিপাব্লিক অৱ চীনে (পি আৰ চি) ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত ৰুদ্ধ দ্বাৰ বৈঠকেৰে এই বিষয়টোক আলোচনা কৰাৰ প্ৰসংগ উল্লেখ কৰি সকলোকে আচৰিত কৰি তুলিছে ৷ তাৎপৰ্যপূৰ্ণভাৱে পৰিষদৰ আন 14 খন সদস্য ৰাষ্ট্ৰৰ কোনোৱেই এই আলোচনাৰ পি আৰ চিৰ সৈতে সহমত নহয় ৷

চীনৰ এই নতুন বহু পক্ষীয় সক্ৰিয়তাৰ পৰা দুটা প্ৰশ্ন উদ্ভৱ হয় , এটা হ'ল পাঁচ দশক পাচত ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ স্মৃতিত ধূসৰ হৈ পৰা "ভাৰত-পাকিস্তান প্ৰশ্ন" সন্দৰ্ভত চীনে আগ্ৰহ দেখুওৱাৰ কাৰণ কি ? দ্বিতীয়তে চীনৰ উচ্চ পৰ্যায়ত ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ ব্যৱহাৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত নিজকে অধিক দৃঢ় কৰাৰ সংকেত বহন কৰিছে ৷ এই দুয়োটা প্ৰশ্নই ভাৰতৰ বৈদেশিক নীতিত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে ৷

1948 চনৰ জানুৱাৰী মাহৰ এক তাৰিখে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত ভাৰতৰ জম্মু-কাশ্মীৰৰ ভূ-খণ্ডত পাকিস্তানৰ সশস্ত্ৰ আগ্ৰাসনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ কিন্তু সেই বৰ্ষৰে 22 জানুৱাৰী তাৰিখে ব্ৰিটেইনে, নিজেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ সেই অভিযোগ চিৰদিনৰ বাবে "ভাৰত-পাকিস্তানৰ" প্ৰশ্নলৈ ৰূপান্তৰ কৰিছিল ৷

নিৰাপত্তা পৰিষদৰ মজিয়াত ভাৰতৰ অভিযোগ মূলতঃ পাকিস্তানৰ আগ্ৰাসন কেন্দ্ৰিক আছিল, যি ব্ৰিটেইন তথা নিৰাপত্তা পৰিষদক জম্মু-কাশ্মীৰক, ভাৰত আৰু পাকিস্তানৰ বিভাজনত ব্যৱহৃত "দ্বি-জাতি" তত্ব ব্যৱহাৰ কৰি পুনৰ বিভক্ত কৰাৰ বাবে বাট মুকলি কৰিছিল ৷ কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যি সময়ত নিৰাপত্তা পৰিষদৰ মজিয়াত সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সময়ত ভাৰত তাত উপস্থিত নাছিল ৷

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন 1945 চনৰ 26 জুনৰ পৰা 1971 চনৰ 25 অক্টোবৰলৈকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্ব-নিৰ্বাচিত স্থায়ী সদস্য হৈ থকা কালছোৱাত পৰিষদৰ মজিয়াত "ভাৰত-পাকিস্তানৰ প্ৰশ্ন"ক লৈ 17 টা সমাধান সূত্ৰ গ্ৰহণ কৰা হৈছিল য'ত চীন দেশে কোনো ধৰণৰ সক্ৰিয় ভূমিকা পালন কৰা নাছিল ৷

25 অক্টোবৰ 1971 চনত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যাদেশ নং 2578ৰ দ্বাৰা গণতান্ত্ৰিক চীনক ৰাষ্ট্ৰসংঘৰ সদস্য পদৰ পৰা খাৰিজ কৰি তাৰ স্থান প্ৰজাতান্ত্ৰিক চীন চমুকৈ পি চি আৰক প্ৰদান কৰে ৷ সেই অধ্যাদেশৰ পক্ষত ভোটদান কৰা 128 খন ৰাষ্ট্ৰৰ মাজত ভাৰতবৰ্ষই 76 নম্বৰত ভোটদান কৰিছিল ৷

1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত "ভাৰত-পাকিস্তানৰ প্ৰশ্ন" সন্দৰ্ভত প্ৰজাতান্ত্ৰিক চীনে হঠাৎ এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি সৰৱ হৈ উঠে ৷ চীনে যুদ্ধক ভাৰতৰ আগ্ৰাসন আখ্যা দি বাংলাদেশ গঠনত ভাৰতৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে আনকি 1972 চনৰ আগষ্ট মাহৰ 25 তাৰিখে প্ৰজাতান্ত্ৰিক চীনে সদ্য স্বাধীনতা প্ৰাপ্ত বাংলাদেশৰ ৰাষ্ট্ৰসংঘত অন্তৰ্ভূক্তিৰ বিৰোধিতাৰে সংঘৰ মজিয়াত নিজৰ প্ৰথমটো "ভেটো" ভোটৰ ক্ষমতা ব্যৱহাৰ কৰে ৷

1972 চনৰ জুলাই মাহৰ দুই তাৰিখে চীনৰ উপস্থিতিত নিৰাপত্তা পৰিষদৰ মজিয়াত "ভাৰত পাকিস্তানৰ প্ৰশ্ন" সন্দৰ্ভত অন্তিমখন সমাধানসূত্ৰ গ্ৰহণ কৰা হৈছিল ৷ এই সমাধান সূত্ৰত মূলত তিনিটা দিশত বিশেষ গুৰুত্ব দিয়া হৈছিল ৷ প্ৰথম বাংলাদেশত যুদ্ধ বিৰতি, দ্বিতীয়তে ভাৰতৰ হাতত বন্দীত্ব গ্ৰহণ কৰা পাকিস্তানৰ যুদ্ধবন্দী সকলৰ নিৰাপত্তা, আৰু শেষত দুই দেশৰ মাজত যুদ্ধ বিৰতি লাইনৰ স্থিতিশীলতা ৷ শেষত ভাৰতে দুই দেশৰ মাজত উদ্ভৱ হোৱা সমস্যাসমূহ দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ'ব বুলি নিৰাপত্তা পৰিষদক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

1972 চনত 2 জুলাই তাৰিখে ভাৰত পাকিস্তানৰ মাজত ৰাষ্ট্ৰসংঘৰ 112 নং অনুচ্ছেদৰ অধীনত ঐতিহাসিক "ছিমলা চুক্তি" সাক্ষৰ কৰা হৈছিল ৷ এই চুক্তিখন ৰাষ্ট্ৰসংঘৰ চুক্তি তথ্যৰ 12308 নম্বৰৰ 858খণ্ডত লিপিবদ্ধ কৰা হৈছে ৷ এইখন চুক্তিৰ দ্বাৰাই ভাৰত আৰু পাকিস্তানে দুয়ো দেশে দেশ দুখনৰ মাজত থকা সকলো সমস্যা দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে সমাধান কৰা পক্ষত হয়ভৰ দিছিল ৷ এই ছিমলা চুক্তি ৰাষ্ট্ৰসংঘৰ বাবে এতিয়াও এক বৈধ আইন, যাৰ ফলত ভাৰত আৰু পাকিস্তানৰ প্ৰশ্নত ৰাষ্ট্ৰসংঘৰ মজিয়াত ছিমলা চুক্তিৰ পূৰ্বে গ্ৰহণ কৰা চুক্তিসমূহক কোনো বিশেষ গুৰুত্ব প্ৰদান কৰা নহয় ৷

"ভাৰত-পাকিস্তান প্ৰশ্নত" চীনৰ আগ্ৰহ আঁৰত বহুতো স্বাৰ্থ নিহিত হৈ আছে ৷ তাৰ ভিতৰত অন্যতম হৈছে ভূমি ৷ চীনে ভাৰতৰ জম্মু-কাশ্মীৰৰ প্ৰায় 43,000 বৰ্গ কি:মি: অঞ্চল অবৈধ ভাৱে নিজৰ দখলত ৰাখিছে লগতে পাকিস্তানে 1963 চনত নিজৰ দখলত থকা প্ৰায় 5180 বৰ্গ কি:মি: কাশ্মীৰৰ ভূমি চীনক প্ৰদান কৰিছে যি ভৌগলিক তথা নিৰাপত্তাৰ দিশৰ পৰা চীনৰ বাবে অতিকে গুৰুত্বপূৰ্ণ ৷ এই বিবাদমান অংশতেই বৰ্তমান চীন আৰু চীনৰ বন্ধু পাকিস্তানে "চীন-পাকিস্তান অৰ্থনৈতিক ক'ৰিডৰ চমুকৈ চি পি ই ছিৰ প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে ৷ এই ক'ৰিডৰ বৰ্তমান সময়ত ভাৰতৰ বাবে নিৰাপত্তাৰ দিশত এক বৃহৎ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে ৷

বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক শক্তিশালী স্থায়ী সদস্য ৰূপে পৰিচিত চীনে পৰিষদৰ মজিয়াত "ভাৰত পাকিস্তানৰ প্ৰশ্ন" সন্দৰ্ভত সদায় এক ভাৰত বিৰোধী তথা দুমুখীয়া চৰিত্ৰ গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ ওপৰিও এছিয়া মহাদেশৰ পৰা নিৰাপত্তা পৰিষদৰ একমাত্ৰ স্থায়ী সদস্যৰূপে চূড়ান্ত বিফল চীনে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সুযোগ পালেই ভাৰতক হেয় প্ৰতিপন্ন কৰা কাৰ্য অব্যাহত ৰাখিছে ৷ যাৰ ফলত ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰভাৱী আৰু অপ্ৰভাৱী সদস্যৰ মাজত এক মেৰুকৰণৰ সৃষ্টি হৈছে উদাহৰণস্বৰূপে আফগানিস্তান, ইৰাণ, ইৰাক আৰু পেলেষ্টাইনৰ সমস্যাৰ কথা ক'ব পাৰি যি শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ দিশত ভাবুকিৰ কাৰণ ৰূপে পৰিগণিত হৈছে ৷

সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভাৰতেই হ'ল প্ৰথমখন অ-সমাজবাদী দেশ যি 1949 চনৰ 30 ডিচেম্বৰ তাৰিখে চীনৰ ৰাজ ন্যায়িক মান্যতা সময়সীমা বৃদ্ধি কৰিছিল ৷ যি কথা ৰাষ্ট্ৰসংঘৰ মজিয়াত বিশ্বৰ আন দেশৰ আগত চীনে খোদ স্বীকাৰ কৰিছিল ৷ ইমানৰ পাচতো ভাৰত-পাকিস্তান সমস্যাত চীনৰ ভাৰত বিৰোধীস্থিতি সঁচাকৈয়ে হাস্যকৰ ৷ মুঠৰ ওপৰত চীন-পাকিস্তানে ভাৰতবৰ্ষৰ সন্মুখত যিমানেই প্ৰত্যাহ্বান কঢ়িয়াই নানক কিয় ভাৰত সদায় নিজৰ স্থিতিত অটল থাকিব ৷

অশোক মুৰ্খাজী, ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত

For All Latest Updates

ABOUT THE AUTHOR

...view details