অসম

assam

চীনত কোৰোনাভাইৰাছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

By

Published : Jan 25, 2020, 9:59 AM IST

Updated : Jan 25, 2020, 11:20 AM IST

কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত ৷ ভয়ংকৰ ভাইৰাছৰ প্ৰভাৱত মৃত্যুৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি ৷ চীনৰ হুৱেই স্বাস্থ্য আয়োগে এই বিষয়ে উল্লেখ কৰে ৷

China virus death toll jumps to 41, cases soar to nearly 1,300
চীনৰ কোৰোনাভাইৰাছ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

ইন্টাৰনেশ্যনেল ডেস্ক, 25 জানুৱাৰীঃচীনৰ ভয়ংকৰ ভাইৰাছৰ প্ৰভাৱত মৃত্যুৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি ৷ ভয়ংকৰভাৱে সংক্ৰমণ হোৱা এই ভাইৰাছৰ ঘটনা এতিয়া 1300 লৈ বৃদ্ধি হৈছে ৷ এই কথা স্বাস্থ্য বিভাগে উল্লেখ কৰে ৷ চীনৰ হুৱেই স্বাস্থ্য আয়োগে উল্লেখ কৰে মতে কেৱল হুৱেই চহৰতেই আৰু 15 গৰাকী লোকৰ মৃত্যু হৈছে ৷ উশাহজনিত কাৰণতেই এইসকল লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে নিজৰ পৃথক পৃথক প্ৰতিবেদনত এই ভাইৰাছৰ কৱলত পৰি এতিয়ালৈ 444 টা মৃত্যুৰ ঘটনা আৰু সৰ্বমুঠ 1287 টা ঘটনা প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰে ৷ এই ভাইৰাছ সৰ্বমুঠ 30 টা অঞ্চললৈ বিয়পি পৰিছে বুলিও স্বাস্থ্য আয়োগে প্ৰকাশ কৰে ৷ বুহান আৰু হুৱেই চহৰক দেশৰ অন্য চহৰৰ সৈতে সকলো সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে ৷ এই ভাইৰাছৰ সংক্ৰমণৰ পৰা বাকীবোৰ অঞ্চলক মুক্ত কৰিব পাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে বুলি কৰ্তৃপক্ষই উল্লেখ কৰে ৷

হুৱেই স্বাস্থ্য আয়োগে সকলো চুবুৰীৰ সকলো অঞ্চলৰ পৰা সৰ্বমুঠ 180 টা নতুন ঘটনা পোহৰলৈ অহাৰ কথা উল্লেখ কৰে ৷ য’ত 77 টা বুহানৰ পৰা আৰু কেৱল হুৱেইতেই 729 এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে সেই চহৰকেইখনৰ পৰা ৰোগজনক 2019 নোবেল কোৰোনাভাইৰাছৰ প্ৰথম ঘটনাৰ ৰিপৰ্ট কৰি আছিল ৷

উল্লেখ্য যে এই ভাইৰাছক চীনৰ ভয়ংকৰ SARS ভাইৰাছৰ তুলনা কৰিছে বহুতো বিশেষজ্ঞই ৷ লগতে উল্লেখ কৰে যে এই সময় চীনৰ বাবে অতি কঠিনতম সময় ৷ চীনৰ গুৰুত্বপূৰ্ণ উৎসৱ চন্দ্ৰ নৱবৰ্ষৰ বাবে সকলো লোকেই দেশ-বিদেশৰ যাত্ৰা কৰি থকাৰ সময়তে এই ঘটনাই সকলোকে নিশ্চয়কৈ মৰ্মাহত কৰাৰ লগতে শংকিত কৰি তুলিছে ৷

আৰু পঢ়কঃকোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

Last Updated : Jan 25, 2020, 11:20 AM IST

ABOUT THE AUTHOR

...view details