অসম

assam

ETV Bharat / international

ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বাহাল ৰাখিবলৈ চীনৰ আগ্ৰহ প্ৰকাশ - নিয়ন্ত্ৰণ ৰেখা

চীনৰ 43 টা এপ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে প্ৰতিবন্ধকতা আৰোপ কৰাৰ কিছুদিন পিছতে, বেইজিঙে ৰাজধানী দিল্লীত অনুষ্ঠিত এক বৈঠকত ভাৰতৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷ ৰঙা চীনে কৌশলীপূৰ্ণভাৱে এই আগ্ৰহ প্ৰকাশ কৰিছে, কিয়নো জুন মাহৰ পৰা লাডাখত নিয়ন্ত্ৰণ ৰেখাৰ সমীপেৰে দুই দেশৰ যাতায়াত বন্ধ হৈ আছে ৷

China urges India to restore normal trade relations
ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বাহাল ৰাখিবলৈ চীনৰ আগ্ৰহ প্ৰকাশ

By

Published : Nov 25, 2020, 7:44 PM IST

নতুন দিল্লী,25 নৱেম্বৰ:ভাৰত চৰকাৰে 43 টাকৈ চীনা এপ্লিকেচন ব্যৱহাৰৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা জাৰি কৰাৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰখনে ভাৰতৰ সৈতে দুয়ো দেশৰ লাভ হ’বলৈ ব্যৱসায়িক চুক্তি সম্পাদন কৰাৰ আগ্ৰহ প্ৰকাশ কৰে ৷ চীন আৰু ভাৰত পৰস্পৰে পৰোক্ষভাৱে শত্ৰু হিচাপে পৰিচিত যদিও চীনে ভাৰতৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ ইয়াৰ বাবে দ্বি-পাক্ষিক অৰ্থনৈতিক আৰু ব্যৱসায়িক চুক্তি স্বাক্ষৰিত কৰি হেৰুওৱা সম্পৰ্ক পুনৰ উদ্ধাৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

চীনা দূতাবাসে অংশগ্ৰহণ কৰা উক্ত বৈঠকত দাবী উত্থাপন কৰে যে, চীনা চৰকাৰে সদায়ে বিদেশী কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় নিয়ম পালনৰ লগতে শৃংখলা আৰু নৈতিকতা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছে ৷

এই প্ৰস্তাৱ এনে সময়ত আহিছে যি সময়ত বিগত জুন মাহৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ সমীপত লাডাখৰ সীমান্তৰে ভাৰত-চীনৰ মাজত যাতায়াত বন্ধ হৈ আছে ৷ সেয়ে এনে সময়ত এই প্ৰস্তাৱ অহাৰ প্ৰতি লক্ষ্য ৰাখি এয়া চীনৰ কূটনৈতিক কৌশল বুলি ধাৰণা কৰিব পাৰি ৷

লগতে চাওকঃএদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল

For All Latest Updates

ABOUT THE AUTHOR

...view details