অসম

assam

ETV Bharat / international

মানৱ অধিকাৰ ভংগঃ চীনৰ বাবে আন এক বিপদ, আন্তৰ্জাতিক আদালতে চলাব বিচাৰ - আন্তৰ্জাতিক আদালতত বিচাৰ

চীনৰ সংখ্যালঘু ইউঘুৰ মুছলমানৰ ওপৰত হোৱা হাৰাশাস্তিৰ বিষয়ে চীন চৰকাৰ বিৰুদ্ধে অনুসন্ধান চলাব আন্তৰ্জাতিক অপৰাধী আদালতে ৷ মানৱ অধিকাৰ উলংঘনৰ বাবে ইউঘুৰ সম্প্ৰদায়ে ইতিমধ্যে আন্তৰ্জাতিক আদালতত প্ৰমাণ দাখিল কৰিছে ৷

চীনৰ বাবে আন এক বিপদ, আন্তৰ্জাতিক আদালতে চলাব বিচাৰ
চীনৰ বাবে আন এক বিপদ, আন্তৰ্জাতিক আদালতে চলাব বিচাৰ

By

Published : Jul 11, 2020, 2:11 PM IST

নিউজ ডেস্ক, 11 জুলাই : দশকধৰি অত্যাচাৰৰ বলি হোৱা চীনৰ ইউঘুৰ সম্প্ৰদায়ে অৱশেষত প্ৰমাণ সহকাৰে ন্যায়প্ৰাপ্তিৰ বাবে আন্তৰ্জাতিক আদালতৰ দাৰস্থ হৈছে ৷ ইতিমধ্যে আদালতত এইসমূহ প্ৰমাণৰ পৰীক্ষণৰ পিচতে এতিয়া চীনৰ বাবে মানৱ অধিকাৰ ভংগৰ আন এক ভয়ংকৰ বিপদে দেখা দিছে ৷

ইতিমধ্যে আন্তৰ্জাতিক আদালতত সম্প্ৰদায়টোৰ প্ৰতিনিধিয়ে প্ৰমাণ দাখিল কৰি চীনা চৰকাৰ আৰু চৰকাৰৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মানৱ অধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ তদন্ত দাবী কৰিছে ৷

এই সন্দৰ্ভত আন্তৰ্জাতিক আদালতত দাখিল কৰা আবেদনখনত বৃহৎ হাৰে মানৱ অধিকাৰ ভংগৰ এই গণ-অপৰাধ সংঘটিত হোৱা বুলি উল্লেখ কৰি ইয়াৰ মুল আৰোপীসকলক চিনাক্ত কৰাৰ লগতে তেওঁলোকক শাস্তি প্ৰদান কৰাৰ বাবে দাবী কৰা হৈছে ৷

চীনা চৰকাৰৰ শীৰ্ষ নেতা ৰাষ্ট্ৰপতি জি ঝীনপিং, পূৰ্বৱৰ্তী ৰাষ্ট্ৰপতি হু জিন্টাও, জিনঝিয়াং প্ৰদেশৰ কেবাগৰাকীও শীৰ্ষ বিষয়া আৰু অন্যান্য সামৰিক কামাণ্ডাৰক এই কাৰ্যৰ বাবে দোষী সাব্যস্ত কৰিছে অভিযোগকাৰীসকলে ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক স্পষ্ট আইনী বিচাৰৰ পথ মুকলি হৈছে বুলি ইউঘুৰ সম্প্ৰদায়ৰ প্ৰতিনিধিৰ দলটোৰ আইনী উপদেষ্টা তথা আন্তৰ্জাতিক আদালতৰ উকীল ৰডনি ডিক্সনে প্ৰকাশ কৰিছে ৷

যিহেতু চীনা চৰকাৰে আন্তৰ্জাতিক আদালতৰ ন্যায়িক ব্যৱস্থাক গ্ৰাহ্য নকৰে, এই সন্দৰ্ভত আন্তৰ্জাতিক আদালতে 2018ৰ ৰোহিংগিয়া সম্প্ৰদায়ৰ ক্ষেত্ৰত দেখুওৱা ভূমিকাৰে চীনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুক্তি প্ৰদান কৰে আবেদনকাৰীসকলে ৷

লগতে পঢ়কঃচীনৰ Kuaizhou-11 ৰকেট উৎক্ষেপনত বিফলতা

ABOUT THE AUTHOR

...view details