ইন্টাৰনেশ্য়নেল ডেস্ক , ২৪ ডিচেম্বৰ :চীনৰ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰযুক্তি শিল্পৰ প্ৰতি লক্ষ্য় ৰাখি চীনা নিয়ন্ত্ৰকে বৃহস্পতিবাৰে বিশ্বৰ সৰ্ববৃবৎ ই-কমাৰ্চ কোম্পানী আলীবাবা গ্ৰুপৰ ওপৰত একাধিপত্য বিৰোধী তদন্ত ঘোষণা কৰে ৷ বজাৰ নিয়ন্ত্ৰকে জনোৱা মতে, আলীবাবাৰ দুটাৰ ভিতৰত এটা বাচনি কৰা নীতিৰ ক্ষেত্ৰত পৰ্যালোচনা কৰি আছে, কিয়নো এই ব্য়ৱসায়ৰ অংশীদাৰসকলে আন প্ৰতিযোগীৰ সৈতে ব্য়ৱসায় কৰাত অসুবিধা পাইছে । এক প্ৰাপ্ত বিবৃতি অনুসৰি সম্ভৱত আলীবাবা গ্ৰুপৰ এন্টি মনপলিৰ ক্ষেত্ৰত তদন্ত ঘোষণা কৰে যদিও জৰিমণাৰ বাবে কোনা সময়সীমা দিয়া হোৱা নাই । নিয়ন্ত্ৰকে ইয়াৰ পূৰ্বে এন্টি গ্ৰুপৰ শ্বেয়াৰ মাৰ্কেটত অংশগ্ৰহণত প্ৰতিবন্ধকতা লগাইছিল । উল্লেখ্য যে, বিক্ৰীৰ ক্ষেত্ৰত আলীবাবা বিশ্বৰ সৰ্ববৃবৎ ই-কমাৰ্চৰ কোম্পানী ৷
একাধিপত্য বিৰোধী তদন্ত ঘোষণা কৰি আলীবাবাৰ ওপৰত হেঁচা চীনৰ - একাধিপত্য বিৰোধী তদন্ত ঘোষণা কৰি আলীবাবাৰ ওপৰত হেঁচা চীনৰ
চীনা নিয়ন্ত্ৰকে বৃহস্পতিবাৰে বিশ্বৰ সৰ্ববৃবৎ ই-কমাৰ্চ কোম্পানী আলীবাবা গ্ৰুপক একাধিপত্য বিৰোধী তদন্ত ঘোষণা কৰে । মুঠ বিক্ৰীৰ হিচাপত আলীবাবা বিশ্বৰ সৰ্ববৃবৎ ই-কমাৰ্চ কোম্পানী ।

একচেতিয়া তদন্ত ঘোষণা কৰি আলীবাবাৰ ওপৰত হেচা চীনৰ