অসম

assam

ETV Bharat / international

অৱশেষত চীনে দিলে COVID-১৯ ত মৃত্যু হোৱা লোকৰ নতুন তথ্য - ৪,৬৩২ গৰাকী মৃ্ত্যু চীনত

COVID-১৯ ত মৃত্যু হোৱা লোকৰ সংখ্যা সলনি কৰিলে চীন চৰকাৰে । সৰ্বমুঠ চীনত বৰ্তমানলৈকে ৪,৬৩২ গৰাকী মৃত্যু হোৱা বুলি উল্লেখ কৰিছে চীনে ।

China revises coronavirus figures in epicentre Wuhan; death toll jumps to 4,632
China revises coronavirus figures in epicentre Wuhan; death toll jumps to 4,632

By

Published : Apr 17, 2020, 5:49 PM IST

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃশুকুৰবাৰে COVID-১৯ ত মৃত্য়ু হোৱা লোকৰ নতুন তথ্য দিলে চীনে । মুঠ ৪,৬৩২ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে চীনে । আনহাতে কৰ'ণা ভাইৰাছ উৎপত্তিস্থল ৱুহানত নতুনকৈ ১২৩০ জন অতিৰিক্ত লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে চীনে । আন্তঃৰাষ্ট্ৰীয় স্তৰত নানান সমালোচনাৰ পাচতেই এই তথ্য দাঙি ধৰিছে চীন চৰকাৰে ।

মৃত্যু হোৱা লোকৰ সংখ্যা সলনি কৰিলে চীন চৰকাৰে

১৬ এপ্ৰিললৈ ৱুহান চহৰত আক্ৰান্তৰ সংখ্য়া পুনৰ ৩২৫ টা বৃদ্ধি পায় মুঠ ৫০,৩৩৩ টা হোৱাৰ বিপৰীতে ৱুহানত নতুনকৈ মৃত্যু হৈছে ১২৯০ গৰাকী লোক । বৰ্তমান লৈকে চহৰখনত মৃত্যুৰে সংখ্য়া বৃদ্ধি পাই হৈছে ৩৮৬৯ জন । দেশখনত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ৮২,৬৯২ জন ।

এই সন্দৰ্ভত ৱুহান চহৰৰ নগৰপালিকা মুখ্য কাৰ্যালয়ৰ পৰা এক বিজ্ঞপ্তি প্ৰকাশ কৰি কোৱা হৈছে সংশোধিত আইন আৰু বিধি, জনসাধাৰণ তথা নিহতৰ প্ৰতি দায়বদ্ধতাৰ নীতি অনুসৰিয়ে এই তথ্য প্ৰকাশ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details