ইন্টাৰনেশ্যনেল ডেস্ক, 16 মে' : হাভাৰ্ড বিশ্ববিদ্যালয়ৰ এক শেহতীয়া অধ্যয়ন অনুসৰি, COVID-19 মৃত্যুৰ হাৰ আৰু বায়ু প্ৰদূষণৰ দীৰ্ঘম্ৰাদী সংকটৰ মাজত এক সম্পৰ্ক আছে ৷ ইয়াৰ ফলত ভাৰতৰ দৰে দেশে জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে যিহেতু বিশ্বৰ 30 খন সৰ্বাধিক প্ৰদূষিত দেশৰ ভিতৰত ভাৰত 21 সংখ্যক স্থানত আছে ৷ অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, প্ৰদূষিত অঞ্চলত থকা লোকৰ দেহত কৰ'ণা ভাইৰাছে আক্ৰমণ কৰাৰ সম্ভাৱনা অধিক ৷ যিহেতু প্ৰদূষণৰ ফলত এনে লোকৰ শ্বাহ-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ সম্ভাৱনা অধিক হৈ পৰে ৷
কিন্তু, এই মহামাৰীৰ ফলত ঘোষণা কৰা লকডাউনে বহু পৰিমাণে হ্ৰাস কৰিলে বিশ্বজুৰি প্ৰদূষণৰ মাত্ৰা ৷ ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যক্ৰমৰ প্ৰাক্তন কাৰ্যকৰী নিৰ্দেশক এৰিক ছোলহেইমে কয় যে, প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত পৰিৱেশ সংৰক্ষিত হ'ব ৷ জ্যেষ্ঠ সাংবাদিক স্মৃতা শৰ্মাৰ সৈতে মত বিনিয়ম কৰি এৰিক ছোলহেইমে কয় যে, কৰ'ণাৰ পূৰ্বৰ তুলনাত এতিয়াৰ পৃথিৱীখন অধিক সেউজীয়া ৷ সৌৰ আৰু বতাহ শক্তিক সুলভ মূল্যৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ ভাৰতক ইয়াৰ বাবে ধন্যবাদো জ্ঞাপন কৰে এৰিকে ৷
ন'ৰৱেৰ পৰা ছোলহেইমে কয়, "আমাৰ ভৱিষ্যৎ যথেষ্ট ভাল ৷ ভাৰতে এই কথা প্ৰমাণিত কৰিলে যে, ভাৰতে বাঘ আৰু অন্যান্য বনৰীয়া প্ৰাণীৰ শুশ্ৰূষা কৰিছে ৷ বিশ্বৰ ভিতৰতে ভাৰতৰ সৌৰ শক্তিৰ মূল্য কম ৷ অসমত বিশ্বৰ ভিতৰতে প্ৰথমটো সৌৰ ৰেল ষ্টেছন স্থাপন কৰিছিল ৷ ইয়াৰোপৰি, কেৰালাতো ৰেল ষ্টেচন আৰু নতুন দিল্লীত মেট্ৰ' ৰেল ষ্টেচন স্থাপন কৰা হৈছিল ৷ ভাৰতৰ বহুকেইটা যোগাত্মক বিষয় আছে ৷ সমস্যাসমূহ সমাধানৰ বাবে সকলোৱে যুটীয়া প্ৰচেষ্টা আগবঢ়াব লাগিব ৷"