অসম

assam

ETV Bharat / international

ৰিম’টযুক্ত Yaogan-33 উপগ্ৰহ মুকলি চীনৰ

দেওবাৰে নিশা 11.44 বজাত চীনৰ জিউকুৱান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা এক ৰিম’টযুক্ত উপগ্ৰহ মুকলি কৰে চীনে ৷ বৈজ্ঞানিক পৰীক্ষাৰ বাবে ব্যৱহৃত হ’ব এই উপগ্ৰহটো ৷

China launches new satellite
উপগ্ৰহ মুকলি চীনৰ

By

Published : Dec 28, 2020, 12:59 PM IST

Updated : Dec 28, 2020, 1:35 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,28 ডিচেম্বৰ : চীনে এক ৰিম’টেৰে পৰিচালিত উপগ্ৰহ মুকলি কৰিছে,যিটো বৈজ্ঞানিক পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হ’ব ৷ দেওবাৰে নিশা 11.44 বজাত জিউকুৱান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ (Jiuquan Satellite Launch Center)ই মুকলি কৰে এই উপগ্ৰহটো ৷ ঝিনহুৱা নিউজ এজেন্সীৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হয় ৷

Yaogan-33 নামৰ উপগ্ৰহটো March-4C ৰকেটত উৎক্ষেপণ কৰা হৈছিল আৰু সফলতাৰে পৰিকল্পনা কৰা কক্ষপথত প্ৰৱেশ কৰিছিল ৷ ই March ৰকেট শৃংখলাৰ 357 তম উৰণ অভিযান আছিল । এই অভিযানত এটা মাইক্ৰ' আৰু নেন’ প্ৰযুক্তিৰ পৰীক্ষা উপগ্ৰহ কক্ষলৈ প্ৰেৰণ কৰা হৈছিল ।

বৈজ্ঞানিক পৰীক্ষা,ভূমি সম্পদ জৰীপ,শস্য উৎপাদন ৰক্ষা,দুৰ্যোগ প্ৰতিৰোধ আৰু হ্ৰাসৰ বাবে এই উপগ্ৰহ ব্যৱহৃত হ’ব ৷

লগতে পঢ়ক :আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনৰ সৈতে ড৹ এন্থনি ফাউচিৰ বৈঠক

Last Updated : Dec 28, 2020, 1:35 PM IST

ABOUT THE AUTHOR

...view details