বেইজিং, 27 আগষ্ট: চীনৰ সেনাই দক্ষিণ চীন সাগৰত দুটা মিছাইলৰ পৰীক্ষণ কৰে ৷ য‘ত এটা কেৰিয়াৰ মিছাইলো অন্তৰ্ভুক্ত আছিল ৷
সেনা বিশেষজ্ঞৰ মতে, এয়া আমেৰিকাৰ ওপৰত আক্ৰমণৰ বাবে বিকশিত কৰাও হ‘ব পাৰে ৷ এখন বাতৰি কাকতত প্ৰকাশিত খবৰত এই তথ্য সদৰি কৰা হয় ৷
হংকঙৰ দক্ষিণ চীন মৰ্ণিং পোষ্ট বাতৰি কাকতে চীন সেনাৰ অজ্ঞাত নিকটতম সুত্ৰৰ পৰা দিয়া খবৰ অনুসৰি, ডি এফ-26 বি আৰু ডি এফ-21 ডি মিছাইলক বুধবাৰে দক্ষিণাঞ্চলৰ দ্বীপপ্ৰান্ত হেনান আৰু পাৰ্চল দ্বীপসমূহৰ মাজৰ অঞ্চলত পৰীক্ষণ কৰা হৈছে ৷