অসম

assam

গালৱান সংঘৰ্ষত নিহত চীনা সৈনিকৰ পৰিয়ালৰ চীনা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

By

Published : Jun 28, 2020, 5:11 PM IST

15 জুনৰ ৰক্তাক্ত সংঘৰ্ষত শ্বহীদ হোৱা 20 গৰাকী ভাৰতীয় সৈনিকক ৰাষ্ট্ৰীয় সন্মানেৰে বিদায় দিয়াৰ বিপৰীতে চীনে এইক্ষেত্ৰত সম্পূৰ্ণ নিশ্চুপ হৈ আছে ৷ ইয়াকে লৈ চীনা সৈনিকৰ শ্বহীদ পৰিয়ালৰ মাজত ব্যাপক ক্ষোভ পৰিলক্ষিত হৈছে ৷

China failing to silence upset families of soldiers killed in Galwan face-off
গালৱান সংঘৰ্ষত নিহত চীনা সৈনিকৰ পৰিয়ালৰ চীনা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

নিউজ ডেস্ক, 28 জুন : ভাৰত আৰু চীনৰ মাজত সংঘটিত সংঘৰ্ষত শ্বহীদ হোৱা সৈনিকক লৈ আমেৰিকাৰ Breitbart News ত এক প্ৰতিবেদন প্ৰকাশ পাইছে ৷ প্ৰতিবেদনখনত ভাৰত চৰকাৰে দেশৰ বাবে শ্বহীদ হোৱা সৈনিকক সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্তিম বিদায় জনোৱাৰ কথা উল্লেখ কৰাৰ বিপৰীতে চীনে এতিয়ালৈকে এই সংঘৰ্ষত শ্বহীদ হোৱা সৈনিকৰ পৰিয়ালক সৈনিকসকলৰ মৃতদেহো প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে ৷

চীনা কমিউনিষ্ট চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নিজৰ আপোনজনক হেৰুৱা সৈনিকৰ পৰিয়ালসমূহে বিক্ষোভ প্ৰদৰ্শন কৰা বুলি সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰতিবেদনত উল্লেখ কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানটোৰ মতে, চীনৰ চৰকাৰে শ্বহীদ সৈনিকৰ পৰিয়ালসমূহক ক্ষান্ত কৰাত সম্পূৰ্ণ বিফল হৈছে ৷ ইতিমধ্যে ভাৰত-চীন সংঘৰ্ষত শ্বহীদ হোৱা চীনা সৈনিকৰ পৰিয়ালসমূহে এই বিষয়ে Weiboকে ধৰি অন্যান্য সামাজিক মাধ্যমত তেওঁলোকৰ ক্ষোভ ব্যক্ত কৰিছে ৷

গালৱান ভেলীত ভাৰতীয় সেনাৰ এটা ঘাটি

15 জুনত গালৱান ভেলীত চীনা পিএলএৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতে হেৰুৱাইছিল 20গৰাকীকৈ বীৰপুত্ৰক ৷ এগৰাকী কৰ্ণেলকে ধৰি দেশৰ বাবে শ্বহীদ হোৱা 20 গৰাকী সৈনিকক সম্পূৰ্ণ সামৰিক তথা ৰাষ্ট্ৰীয় সন্মানেৰে স্বীকৃতি প্ৰদান কৰি ভাৰতে তেওঁলোকক সন্মানপূৰ্বক অন্তিম বিদায় জনাইছে ৷

কিন্তু এই সংঘৰ্ষত চীনৰ প্ৰায় 43গৰাকী বিষয়া-জোৱান শ্বহীদ হোৱাৰ কথা ভাৰত চৰকাৰে প্ৰকাশ কৰিছে ৷ ভাৰতীয় সৈন্যবাহিনীয়ে এই তথ্য প্ৰকাশ কৰাৰ বিপৰীতে চীনে এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই ৷ চীনা চৰকাৰে এই সন্দৰ্ভত কোনো তথ্য প্ৰদান নকৰিলেও দেশখনৰ চৰকাৰৰ দ্বাৰা পৰিচালিত সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদকে ভাৰতৰ সৈতে হোৱা সংঘৰ্ষত চীনা সৈনিক শ্বহীদ হোৱাৰ তথ্য টুইটাৰযোগে প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃআমেৰিকাৰ চোৰাংচোৱাৰ তথ্যক খাৰিজ তালিবানৰ

ABOUT THE AUTHOR

...view details