অসম

assam

ETV Bharat / international

সকলো দিশৰ পৰা আগুৰি ধৰিছে চীনেঃ ড্ৰেগনৰ দেশৰ কূটিল ৰাজনীতি - পূব লাডাখ

পূব লাডাখত বিগত সাত মাহে অব্যাহত থকা সংঘাতময় পৰিস্থিতিৰ যেন অন্ত নাই । 'Status quo'ৰ নামত ড্ৰেগনৰ দেশে ভাৰতক আৰ্থিকভাৱে দুৰ্বল কৰাৰ বাবে ইয়াৰ দীৰ্ঘকালীন লক্ষ্য পূৰণৰ চেষ্টা অব্যাহত ৰাখিছে । যাৰ ফলত ভাৰতৰ ওপৰত তীব্ৰ হেঁচা সৃষ্টি কৰিছে । ব্ৰিগেড কমাণ্ডাৰ পৰ্যায়ত দেশ দুখনৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে ৷

China covering from all directions, The dragon displaying crooked politics
সকলো দিশৰ পৰা আগুৰি ধৰিছে চীনেঃ ড্ৰেগনৰ দেশৰ কূটিল ৰাজনীতি

By

Published : Dec 26, 2020, 10:28 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ : পূব লাডাখত বিগত সাত মাহে অব্যাহত থকা সংঘাতময় পৰিস্থিতিৰ যেন অন্ত নাই । 'Status quo'ৰ নামত ড্ৰেগনৰ দেশে ভাৰতক আৰ্থিকভাৱে দুৰ্বল কৰাৰ বাবে ইয়াৰ দীৰ্ঘকালীন লক্ষ্য পূৰণৰ চেষ্টা অব্যাহত ৰাখিছে । যাৰ ফলত ভাৰতৰ ওপৰত তীব্ৰ হেঁচা সৃষ্টি কৰিছে । ব্ৰিগেড কমাণ্ডাৰ পৰ্যায়ত দেশ দুখনৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়া পৰ্যায়তো কেইবাখনো বৈঠক অনুষ্ঠিত হৈ গৈছে । কিন্তু তাৰ কোনো ফল নধৰিলে । এনেধৰণৰ পৰিস্থিতি দুয়োখন দেশৰ বাবে অনুকূল নহয় বুলি বুজি পোৱাৰ পিচতো চীনে ইয়াৰ কু-অভিসন্ধি অব্যাহত ৰাখিছে । লাইন অৱ এক্সুৱেল কন্ট্ৰলত সংঘাত সৃষ্টি কৰিব পৰা কাৰ্যৰ পৰা বিৰত থকা শান্তি স্থাপনৰ বাবে সিদ্ধান্তত সহমত প্ৰকাশ কৰাৰ পাছতো দেশখনে ভৱিষ্যতে সংঘাত সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

সকলো সময়তে প্ৰয়োজনা সতৰ্কতাঃ

যদিও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয় শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ মাজত মস্কোত হোৱা বৈঠকত এক পঞ্চসূত্ৰত উপনীত হৈছিল, চীনে পৰৱৰ্তী পৰ্যায়ত ইয়াৰ প্ৰতি তিলমানো গুৰুত্ব নিদিলে । অন্যতম অশান্ত অঞ্চল হৈ পৰা পায়োংগাং হ্ৰদৰ আশ-পাশৰ পৰা চীনে এক ইঞ্চিও আঁতৰি নিদিলে । ইয়াৰ বিপৰীতে 60 হাজাৰ সৈন্যৰে অৰুণাচল প্ৰদেশ আৰু ভাৰত-তিব্বত সীমান্তত চীনে নতুন গাঁও স্থাপন কৰাত ব্যস্ত হৈ পৰিছে । এই কথা ভাৰতৰ কমাণ্ডাৰ ইন চীফে কিছুদিন পূৰ্বে নিশ্চিত কৰিছে । তেওঁ লগতে প্ৰকাশ কৰে যে, ডোকলাম অঞ্চলত চীনা সেনা বাহিনীৰৰ কাৰ্যকলাপ ভাৰতীয় সৈন্যই অবিৰতভাৱে লক্ষ্য কৰি আছে ।

লগতে পঢ়ক :নাগৰহোল ৰাষ্ট্ৰীয় উদ্যানৰ ভাইৰেল ভিডিঅ’...

লগতে, সীমান্ত অঞ্চলত য'ত সেনা বাহিনীৰ উপস্থিতি নাই তাত চীনা হান সম্প্ৰদায়ৰ লোক আৰু তিব্বত কমিউনিষ্ট পাৰ্টীৰ সদস্যসকলক সংস্থাপন কৰিবলৈ লৈছে । ইয়াৰ উপৰি দক্ষিণ চীন সাগৰত নিজৰ অধিকাৰ বিস্তাৰ কৰিবলৈ মাছমৰীয়া লোকসকলৰো বসতি স্থাপন কৰাইছিল দেশখনে । এতিয়া দেশখনে গৰখীয়াসকলৰ জৰিয়তে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে । সমগ্ৰ সীমান্ত অঞ্চলতে অশান্তি সৃষ্টি কৰিবলৈ চীনে অভিসন্ধি অব্যাহত ৰাখিছে ।

চীনৰ সীমান্তৱৰ্তী পূব লাডাখত ভাৰতে প্ৰায় 50 হাজাৰ সৈন্য নিয়োগ কৰিছে । কিয়নো সীমান্তৰ সংঘাত দূৰ কৰাৰ বাবে অদূৰ ভৱিষ্যতে আন কোনো উপায় নায় । এই অঞ্চলত এতিয়া তাপমাত্ৰা মাইনাছ 20 ৰ পৰা 40 ডিগ্ৰীৰ ভিতৰত থকাৰ লগতে তীব্ৰ হাৰত তুষাৰপাত হৈ আছে । আমাৰ দেশৰ চৰকাৰে ইতিমধ্যে আমেৰিকাৰ পৰা সেনা বাহিনীৰ বাবে গৰম কাপোৰ আনিছে । ইয়াৰ লগতে তীব্ৰ শীতৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা হ'ব পৰাকৈ সকলো সুবিধা প্ৰদান কৰিছে ।

লগতে পঢ়ক :দুৰ্বৃত্তই খান্দিলে বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেলপথাৰ

বিগত 30 বছৰে আমাৰ দেশৰ সেনা বাহিনীয়ে চিয়াচেন আৰু কাৰ্গিল খণ্ডৰ দৰে শীতল অঞ্চলত দায়িত্ব পালন কৰি আছে । একেই পৰিৱেশত এই অঞ্চলত পাকিস্তানৰ সৈতে তিনিবাৰকৈ যুদ্ধত অৱতীৰ্ণ হোৱাৰ অভিজ্ঞতা ভাৰতৰ আছে । এই পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আমাৰ সৈন্য বাহিনী পাৰ্গত । আনহাতে, চীনৰ সেনা বাহিনীৰ বিগত 40 বছৰত তেনে অভিজ্ঞতা নায় । ইয়াৰ লগতে দেশখনে নিজৰ সেনা জোৱানক সঠিক সা-সুবিধা দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে । নিম্ন মানৰ কাপোৰ-কানি প্ৰদান কৰাৰ বাবে ড্ৰেগন দেশৰ সেনা বাহিনী অসন্তুষ্ট বুলি বাতৰিত প্ৰকাশ পাইছে । অত্যধিক শীতৰ সৈতে অভ্যস্ত নোহোৱা বাবে বহু সেনাৰ মৃত্যু হোৱা বুলিও খবৰ ওলাইছে । এনে প্ৰেক্ষাপটত চীনে সেনা জোৱান সলাই থাকিবলগীয়া হৈছে ।

আত্মনিৰ্ভৰশীলতা গুৰুত্বপূৰ্ণঃ

পাকিস্তান আৰু চীনৰ নৃশংসতাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতে কঠোৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হোৱাৰ লগতে যুদ্ধক্ষেত্ৰত কি কৌশল গ্ৰহণ কৰা হ'ব সেই সম্পৰ্কেও সাজু হোৱা উচিত । আমাৰ দেশে ইতিমধ্যে 210 টা চীনা এপ্লিকেশ্বন নিষিদ্ধ কৰিছে । চুবুৰীয়া দেশখনৰ ওপৰত বিত্তীয়ভাৱে হেঁচা দিবলৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত । চীনৰ পৰা হোৱা আমদানিৰ মূল্য আমাৰ দেশৰ পৰা হোৱা ৰপ্তানিতকৈ তিনি গুণ বেছি । যাৰ ফলত আমি আমদানি সম্পৰ্কে বিকল্প চিন্তা কৰিব লাগিব আৰু তেনে ধৰণৰ সামগ্ৰীবোৰ কম দামত উপলব্ধ কৰিব লাগিব ।

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ বুকুত ক্ষুব্ধ জনতাই ডুবালে আৰক্ষীৰ নাও

ইতিমধ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াই চীনক প্ৰতিহত কৰাৰ বাবে তেওঁলোকৰ আইনৰো পৰিৱৰ্তন ঘটাইছে । ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ সমূহীয়া গোটে চীনৰ প্ৰভাৱ আৰু শক্তি হ্ৰাস কৰাৰ বাবে উপযুক্ত উপায় অৱলম্বন কৰা উচিত । ইয়াৰ পূৰ্বে আমাৰ দেশে পাকিস্তানৰ লগতে সীমা থকা আন দেশসমূহৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নত কৰাৰ বাবে চেষ্টা কৰিব লাগিব ।

পাকিস্তানৰ সৈতে ষড়যন্ত্ৰঃ

সন্ত্ৰাসবাদৰ স্বৰ্গ হৈ পৰা পাকিস্তানক আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় সাহাৰ্য প্ৰদান বন্ধ কৰি দিছে । ইয়াৰ লগতে আধুনিক অস্ত্ৰ-শস্ত্ৰৰ যোগানো বন্ধ কৰি দিছে । সেয়ে পাকিস্তানে চীনৰ আশ্ৰয় গ্ৰহণ কৰিছে । ইয়াৰ সুযোগ গ্ৰহণ কৰি চীনে পাকিস্তানৰ ভূ-খণ্ডৰ পৰাও আমাক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে । ইয়াৰ অংশ হিচাপে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চি পি ই চি) নামেৰে ষড়যন্ত্ৰ ৰচা হৈছে ।

লগতে পঢ়ক :দুৰ্বৃত্তই খান্দিলে বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেলপথাৰ

70 বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে এই কৰিডৰ নিৰ্মাণ কৰা হৈছে । কৰিডৰৰ নামত দেশ দুখনে পাকিস্তান-ভাৰত সীমান্তত পাক অধিকৃত কাশ্মীৰত 25 হাজাৰ সৈন্য নিয়োজিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ড্ৰেগনৰ দেশে পাকিস্তানী সেনাক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত কৰিবলৈ দায়িত্ব গ্ৰহণ কৰিছে । এই কৰিডৰ সম্পূৰ্ণ হোৱাৰ পাছত চীনে অতি দ্ৰুত গতিত ভাৰত মহাসাগৰৰ কাষ চাপিব । ইয়াৰ উপৰিও চীনে আঠখন অত্যাধুনিক ছাবমেৰিন আৰু এখন প্ৰতিৰক্ষা হেলিকপ্টাৰ পাকিস্তানক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

আনহাতে, কেইমাহ মান আগেয়ে পিপ'লছ লিবাৰেশ্যন আৰ্মী ফ'ৰ্চে (পিএলএএএফ) পাকিস্তানত কাৰ্যালয় স্থাপন কৰিছে । চাইবাৰ, ইলেক্ৰনিক যুদ্ধ আৰু আধুনিক পহৰা ব্যৱস্থা সু-নিশ্চিত কৰাৰ বাবে এই কাৰ্যালয় স্থাপন কৰিছে পি এল এৰ বায়ু সেনা বাহিনীয়ে । ভাৰতক সকলো দিশতে সমস্যাৰ সন্মুখীন কৰিবলৈ চীনে এই ষড়যন্ত্ৰ ৰচনা কৰিছে ।

লগতে পঢ়ক :জোৰশিমলুত 100 কাৰ্টন চোৰাং মিঠাতেল জব্দ

ABOUT THE AUTHOR

...view details