অসম

assam

চীনত ক'ৰণা ভাইৰাছত মৃত্যুৰ সংখ্যা 2,835 জনলৈ বৃদ্ধি

By

Published : Feb 29, 2020, 2:56 PM IST

চীনে নতুনকৈ সদৰি কৰা তথ্য মতে, শনিবাৰে ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈ পুনৰ 47 জন লোকৰ মৃত্যু হয় আৰু সম্প্ৰতি মৃত্যুৰ সংখ্যা 2,835 জনলৈ বৃদ্ধি পাইছে ৷ ক'ৰণা ভাইৰাছ নিৰ্মূলৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱা হৈছে, কিন্তু উপায়হীন হৈ স্কুলসমূহ বন্ধ ৰাখিব লগা হৈছে৷ বন্ধ হৈ থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আকৌ লাহে লাহে খুলিব ধৰিছে৷

China Corona virus death toll rises to 2,835
চীনত ক’ৰোণা ভাইৰাছত মৃত্যুৰ সংখ্যা 2,835 জনলৈ বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 ফেব্ৰুৱাৰীঃক'ৰণা ভাইৰাছৰ আতংকত চীনত পুনৰ মৃত্যুৰ সংখ্যা বৃদ্ধি৷ চীনে সদৰি কৰা তথ্য অনুসৰি, শনিবাৰে ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈ 47 জন লোকৰ মৃত্যু হয় আৰু সম্প্ৰতি মৃত্যুৰ সংখ্যা 2,835 জনলৈ বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিচনে ক'ৰণা ভাইৰাছত আতংক হোৱা ঘটনাৰ গণনাত 427 টা নতুন ঘটনা পাইছে আৰু এদিনৰ পূৰ্বে কৰা গণনাত ভাইৰাছত আতংক হোৱা ঘটনাৰ সংখ্যা 79,251 টালৈ বৃদ্ধি হৈছে ৷ পুনৰ ভাইৰাছত আক্ৰান্ত হৈ বেইজিঙত এজন, হেনানৰ প্ৰান্তত দুজন আৰু হুবেইত 45 জন লোকে প্ৰাণ হেৰুৱায় ৷ এই ঘটনাৰ সময়ত 4 জন লোক হুবেইত আৰু 420 জন লোক ৰাজধানী য়ুহানত আছিল ৷ বনৰীয়া জন্তু বিক্ৰী কৰা এখন বজাৰত ক'ৰণা ভাইৰাছৰ উৎপত্তি হোৱা বুলি দুয়োখন ঠাইৰ মানুহে সন্দেহ প্ৰকাশ কৰিছে ৷

শুকুৰবাৰে ভাইৰাছত আক্ৰান্ত হোৱা নতুন ঘটনাৰ সংখ্যা 327 টালৈ বৃদ্ধি হয় আৰু শেহতীয়া 10 দিনত আগতকৈ অধিক পৰিমাণে এই মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে চলিত সপ্তাহৰ আৰম্ভণিতে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে যে, চীনতকৈ এতিয়া অন্য দেশত প্ৰতিদিনে এই ঘটনা অধিক পৰিমাণে সংঘটিত হৈছে ৷ চীনে হুবাই প্ৰান্তত 56 মিলিয়ন মানুহক এমাহতকৈও অধিক সময় কঠোৰ কোৱাৰেণ্টিনত ৰাখে আৰু দেশজুৰি ক'ৰণা ভাইৰাছ নিৰ্মূল কৰাৰ বাবে কিছুমান অভূতপূৰ্ব পদক্ষেপ লয় ৷

কাৰ্যকৰ্তাসকলে কয় যে, ক'ৰণা ভাইৰাছ নিৰ্মূলৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱা হৈছে, কিন্তু উপায়হীন হৈ স্কুলসমূহ বন্ধ ৰাখিব লগা হৈছে ৷ বন্ধ হৈ থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আকৌ লাহে লাহে খুলিব ধৰিছে ৷

লগতে পঢ়ক-বিডেনৰ ওপৰত ঘৃণনীয় আক্ৰমণ ওবামাৰ

ABOUT THE AUTHOR

...view details