অসম

assam

ETV Bharat / international

চীনৰ ঝীনঝিয়াঙত পুনৰ ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি - চীনত পুনৰ মহামাৰী কোভিড-19ৰ উপস্থিতি

চীনৰ পশ্চিম প্ৰান্তৰ ঝীনঝিয়াং প্ৰদেশৰ উৰুমকি চহৰত পুনৰ ধৰা পৰিছে মহামাৰী ক'ভিড-19ৰ উপস্থিতি ৷

চীনৰ ঝীনঝিয়াঙত পুনৰ ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি
চীনৰ ঝীনঝিয়াঙত পুনৰ ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি

By

Published : Jul 18, 2020, 4:07 PM IST

নিউজ ডেস্ক, 18 জুলাই :চীনত পুনৰ ধৰা পৰিছে মহামাৰী ক'ভিড-19ৰ উপস্থিতি ৷ দেশখনৰ পশ্চিম প্ৰান্তৰ ঝীনঝিয়াং প্ৰদেশত শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে মাৰাত্মক মহামাৰীৰ ঘটনা ৷

বিগত সময়ৰ ভিতৰত এইবাৰ ঝীনঝিয়াং প্ৰদেশৰ উৰুমকি প্ৰদেশত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি ৷ চহৰখনত বিগত 24 ঘন্টাত 17টা কোভিড-19ৰ ঘটনা পোহৰলৈ আহিছে ৷ চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে এই কথা প্ৰকাশ কৰিছে ৷ মাৰ্চৰ পৰা এয়া দেশখনত সৰ্বাধিকসংখ্যক ক'ভিড-19ৰ ঘটনা এইদৰে পোহৰলৈ আহিছে চীন দেশত ৷ ইয়াৰ পূৰ্বে চীনৰ বেইজিং চহৰত ধৰা পৰিছিল 330 টা ক'ভিড-19ৰ ঘটনা ৷

আনহাতে উৰুমকিত এইদৰে ক'ভিড-19ৰ ঘটনা পোহৰলৈ অহাৰ পিচতে স্থানীয় প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰী কৰিছে ৷ স্থানীয় প্ৰশাসনে ইয়াৰ চাবৱে, বাছ সেৱা,টেক্সী সেৱা আৰু অন্যান্য আৱাসিক অঞ্চলসমূহ ইতিমধ্যে বন্ধ ঘোষণা কৰিছে ৷ ইয়াৰ উপৰিও প্ৰদেশখনলৈ অন্য প্ৰান্তৰ পৰা আৰু প্ৰদেশখনৰ পৰা অন্য প্ৰান্তলৈ অহা-যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে ৷

চীনৰ ঝীনঝিয়াং প্ৰদেশখনত দেশখনৰ অল্পসংখ্যক উইঘুৰ মুছলমান সম্প্ৰদায়ৰ বসতিস্থল ৷ এইটো প্ৰান্তত চীনৰ দ্বাৰা সঘনাই মানৱ অধিকাৰ ভংগ হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ চীনে সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ প্ৰতিৰোধৰ নামত এইটো অঞ্চলত বহিঃজগতৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ৰাখিছে ৷

লগতে পঢ়কঃআমেৰিকাই সফল পৰীক্ষণ কৰিলে আন এক হাইপাৰছ'নিক মিছাইলৰ

ABOUT THE AUTHOR

...view details