ইণ্টাৰনেশ্যনেল ডেস্ক, 20 আগষ্ট : চীনৰ ৰাষ্ট্ৰীয় আইনসভাই(China's national legislature) শুকুৰবাৰে ক্ষমতাসীন কমিউনিষ্ট পাৰ্টিৰ(Communist Party) দ্বাৰা প্ৰস্তুত কৰা ‘তিনি সন্তান নীতি’ক(Three Child Policy) আনুষ্ঠানিকভাৱে সমৰ্থন কৰে ৷ বিশ্বৰ আটাইতকৈ জনবহুল দেশখনত জন্মৰ হাৰৰ তীব্ৰ হ্ৰাস প্ৰতিহত কৰাৰ লক্ষ্যৰে এই নীতি নিৰ্ধাৰণ কৰিছে চৰকাৰে ।
সংশোধিত জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা আইনে চীনা দম্পতীক তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি দিয়ে ৷ নেশ্যনেল পিপলছ কংগ্ৰেছে(NPC) এই আইন গৃহীত কৰিছিল ৷ বৰ্ধিত ব্যয়ৰ ক্ষেত্ৰত চীনা দম্পতীৰ অধিক সন্তান জন্ম দিয়াৰ অনিচ্ছা দূৰ কৰাৰ এক স্পষ্ট প্ৰয়াসেৰে সংশোধিত আইনখনে সামাজিক আৰু অৰ্থনৈতিক সমৰ্থনৰ ব্যৱস্থাও গৃহীত কৰিছে ।
নতুন আইনখনে নিৰ্ধাৰণ কৰিছে যে, দেশখনে পৰিয়ালৰ বোজা হ্ৰাস কৰাৰ লগতে শিশুক ডাঙৰ-দীঘল আৰু শিক্ষিত কৰি তুলিবলৈ বিত্ত, কৰ, বীমা, শিক্ষা, গৃহ আৰু নিযুক্তিৰ লগতে সহায়ক ব্যৱস্থা গ্ৰহণ কৰিব ৷
এক প্ৰতিবেদনযোগে কোৱা হৈছে যে, NPCয়ে সামাজিক আৰু অৰ্থনৈতিক বিকাশত নতুন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু সন্তুলিত দীৰ্ঘম্যাদী জনসংখ্যা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তক সমৰ্থন জনাই আইনখন সংশোধন কৰিছে । চলিত বৰ্ষৰ মে’ মাহত ক্ষমতাসীন কমিউনিষ্ট পাৰ্টি অৱ চাইনাই (CPC) সকলো দম্পতীক তিনিটা পৰ্যন্ত সন্তান জন্ম দিয়াৰ অনুমতি দিয়াৰ পূৰ্বে কঠোৰ দুই সন্তান নীতি শিথিল কৰি দিবলৈ অনুমোদন জনাইছিল ৷