অসম

assam

By

Published : Jan 20, 2021, 7:06 PM IST

ETV Bharat / international

ভূমিকম্পই বিধ্বস্ত কৰা ইণ্ডোনেছিয়াত পুনৰ খুলিছে ব্যৱসায়িক প্ৰতিষ্ঠান

বুধবাৰৰ পৰা ইণ্ডোনেছিয়াৰ মামুজু আৰু মাজেনেত পুনৰ খুলিছে ব্যৱসায়িক প্ৰতিষ্ঠান । যোৱা ১৫ জানুৱাৰীত ভূমিকম্পৰ ফলত মামুজুৰ ৭৯ জন আৰু মাজেনেৰ ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল ।

পুনৰ খুলিছে ব্যৱসায়িক প্ৰতিষ্ঠান
পুনৰ খুলিছে ব্যৱসায়িক প্ৰতিষ্ঠান

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জানুৱাৰী: ভূমিকম্পই জোকাৰি যোৱা ইণ্ডোনেছিয়াত বুধবাৰৰ পৰা পুনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিছে । মামুজুৰ পথবোৰত এতিয়াও ধ্বংসাৱশেষ জমা হৈ আছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে বুধবাৰৰ পৰা গেলামালৰ দোকান, গেছ এজেন্সিৰ লগতে আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা হৈছে । ভূমিকম্পত মৰমৰ ঘৰখন বিধ্বস্ত হোৱাৰ পিছত ১ হাজাৰৰো অধিক লোকে মুকলি ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে ।

দোকানসমূহ খোলাৰ পিছতে অত্যাধিক ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা বিষয়াসকলে সকলোকে COVID-১৯ৰ স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনায় । ডিজেষ্টাৰ টাস্ক ফ'ৰ্চ কামাণ্ডাৰ ফিৰমেন ডাহলানে কয় যে, নৌসেনাৰ হাস্পতাল জাহাজ, এখন বিশ্ববিদ্যালয় ভাসমান হাস্পতাল আৰু স্বাস্থ্য কেন্দ্ৰসমূহে যাৱতীয় সকলো সহায় আগবঢ়াইছে । উল্লেখ্য যে, যোৱা ১৫ জানুৱাৰীত হোৱা ৬.২ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত মামুজুৰ ৭৯ জন আৰু মাজেনেৰ ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল ।

বাসগৃহৰ ক্ষতিসাধন হোৱাৰ পিছত ৩০,০০০ৰো অধিক লোকে প্ৰাণৰ মমতাত ঘৰ এৰি পলায়ন কৰে । ৭০০ৰো অধিক লোক আহত হয় । ডাহলানে কয় যে, পশ্চিম ছুলাৱেছিৰ মামুজু আৰু মাজেনেৰ আশ্ৰয় শিবিৰত বৰ্তমান ১২,৯০০ জনৰো অধিক লোকে আশ্ৰয় লৈ আছে । চলিত মাহত ইণ্ডোনেছিয়াত সৰু-বৰ ১৬৯টা প্ৰাকৃতিক দুৰ্যোগে দেখা দিছে ।

এটা মাহতে ভূমিস্খলন, বান, ধুমুহা, ভূমিকম্পত মুঠ ১৬০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৯৬৫ জন আহত হৈছে আৰু ৮০২,০০০ গৰাকী লোক গৃহহীন হ'বলগীয়া হৈছে । আনহাতে মহামাৰীত দেশখনৰ ৯,২৭,০০০ লোক আক্ৰান্ত হৈছে আৰু ২৬,৫৯০ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক:বাংগালুৰুত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক সন্মিলন

ABOUT THE AUTHOR

...view details