অসম

assam

ETV Bharat / international

বাংলাদেশমুখী মালবাহী ৰে'লৰ পৰা চোৰাং সামগ্ৰী জব্দ বিএছএফ জোৱানৰ - ৰে'লৱে আৰক্ষী বিষয়া

শনিবাৰে ভাৰতৰ গেদেৰ পৰা বাংলাদেশৰ দৰ্শনমুখী এখন মালবাহী ৰে'লত চলোৱা তালাচী অভিযানত সীমান্তৱৰ্তী নিৰাপত্তা বাহিনীৰ জোৱানে জব্দ কৰে 46.5 লাখ টকাৰ সামগ্ৰী ৷ ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্যাহত আছে ৷

BSF troops seize goods being smuggled to Bangladesh through train
বাংলাদেশমুখী মালবাহী ৰে'লৰ পৰা চোৰাং সামগ্ৰী জব্দ বিএছএফ জোৱানৰ

By

Published : Jul 20, 2020, 1:14 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 জুলাই : ভাৰতৰ গেদেৰ পৰা বাংলাদেশৰ দৰ্শনমুখী এখন মালবাহী ৰে'লত চলোৱা তালাচী অভিযানত শনিবাৰে সীমান্তৱৰ্তী নিৰাপত্তা বাহিনীৰ জোৱানে জব্দ কৰে 46.5 লাখ টকাৰ সামগ্ৰী ৷ এই সামগ্ৰীসমূহ বাংলাদেশলৈ চোৰাংভাৱে কঢ়িয়াই নিয়া হৈছিল বুলি জানিব পৰা গৈছে ৷

নিৰাপত্তা বাহিনীয়ে জনোৱা মতে, বাংলাদেশলৈ চোৰাংভাৱে কঢ়িয়াই নিয়া সামগ্ৰীসমূহ দৈনিক তালাচী অভিযানৰ দ্বাৰা জব্দ কৰা হয় ৷ আনহাতে এক বিজ্ঞপ্তিযোগে সুৰক্ষা বাহিনীয়ে সদৰি কৰে যে, "সেনাসকলে ৱেগনৰ 3 নম্বৰত থকা এজনক মান্তি কৰায় ৷ যেতিয়া সেনা জোৱানে ৰে'লৰ দুৱাৰৰ ভিতৰলৈ জুমি চায়, তেতিয়া তেওঁলোকে কিছু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে ৷ তাৰ পাচতে সেনা জোৱানে বাহিনীৰ জ্যেষ্ঠ বিষয়াক এই কথা সদৰি কৰে ৷ সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষই ৰে'লৱে আৰক্ষী বিষয়াৰ সৈতে প'ষ্ট গেটতো তালাচী চলায় ৷ ইয়াৰ পিছত সেনা বাহিনীয়ে শুল্ক বিষয়া আৰু ৰে'লৱে আৰক্ষীৰ বিষয়ববীয়াৰ সহিতে ৱেগন খুলি দিয়ে আৰু বিভিন্ন সৌন্দৰ্যবৰ্ধক সামগ্ৰীসহ মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়" ৷

বিএছএফৰ 54 বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ দেশৰাজ সিঙে কয় যে, বিগত এমাহৰ ভিতৰত মালবাহী ৰে'লসমূহৰ পৰা দ্বিতীয়বাৰৰ বাবে চোৰাং সামগ্ৰী জব্দ কৰা হৈছে ৷ এই সন্দৰ্ভত সম্প্ৰতি অব্যাহত আছে তদন্ত ৷

লগতে পঢ়ক : দিল্লীত দুই সন্তানসহ মৃত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details