অসম

assam

ETV Bharat / international

বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন কোভিড-19ত আক্ৰান্ত

বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনক কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সৈতে কৰমৰ্দন কৰাৰ পৰিপ্ৰেক্ষিতত ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

By

Published : Mar 27, 2020, 11:52 PM IST

Boris Johnson may have contracted COVID 19
বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন কোভিড 19 ত আক্ৰান্ত

লণ্ডন,27 মাৰ্চঃ বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনক কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সৈতে কৰমৰ্দন কৰাৰ পৰিপ্ৰেক্ষিতত ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ বিগত সপ্তাহত লণ্ডনৰ এখন চিকিৎসালয়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰোগী গৰাকীৰ সৈতে কৰমৰ্দন কৰিছিল ৷ জনছনে এক সংবাদমেলত এই কথা পূৰ্বে প্ৰকাশ কৰিছিল ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী গৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতিৰ পৰীক্ষা কৰাৰ পিছত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ জনছনৰ দেহত ভাইৰাছবিধৰ সংক্ৰমণৰ কিছু লক্ষণ দেখা দিয়াৰ পিছত পুৱা স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ এই পৰীক্ষাত ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজক আছুতীয়াকৈ ৰাখি পৰ্যবেক্ষণ কৰি চৰকাৰী কাম-কাজসমূহ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৷ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চৰকাৰী কামসমূহ কৰি যাব বৃটিছ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ সমান্তৰালকৈ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে জনছনে যুঁজ দি যাব বুলি প্ৰকাশ কৰে ৷ "ষ্টে হোম ষ্টে লাইফ"ক সাৰোগত কৰি প্ৰধানমন্ত্ৰী জনছনে সকলো ব্যক্তিকে কৰ’ণা ভাইৰাছৰ বিপক্ষে যুঁজ দি যাবলৈ টুইটৰ জৰিয়তে আহ্বান জনায় ৷

আনহাতে,বুধবাৰে বৃটিছ ৰাজকুমাৰ চাৰ্লচ প্ৰিন্সৰ শৰীৰত আংশিক কৰ’ণা ভাইৰাছৰ লক্ষণ দেখা দিয়াৰ পিছত কৰা স্বাস্থ্য পৰীক্ষাত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে ৷ সম্প্ৰতি ৰাজকুমাৰজন স্কটলেণ্ডস্থিত নিজ ঘৰত পৰ্যবেক্ষণত আছে ৷ লগতে ডাচ্ছেছ অৱ কৰ্ণৱাল কেমিলাৰ শৰীৰতো কিছু লক্ষণ ধৰা পৰে যদিয়ো স্বাস্থ্য পৰীক্ষাত ভাইৰাছবিধৰ চিকাৰ নোহোৱাতো সুনিশ্চিত হয় ৷

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’ ই প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বত 5,42,378 গৰাকী লোকৰ শৰীৰত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাৰ লগতে 24,368 গৰাকী লোকে এই ভাইৰাছৰ সংক্ৰমণত প্ৰাণ হেৰুৱায় ৷

লগতে চাওকঃশণিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ জি এম চি এইছ

ABOUT THE AUTHOR

...view details