ইন্টাৰনেশ্যনেল ডেস্ক, 10 জুন : নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ গ্যাৱালিয়ে মঙলবাৰে মন্তব্য কৰে যে, দেশখনে ভাৰতৰ সৈতে আলোচনাত অংশগ্ৰহণৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ সীমান্তত সৃষ্টি হোৱা উদ্বিগ্নতাৰ ফলস্বৰূপে এই আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালে ৷
The Associated Press ৰ সৈতে এক সাক্ষাৎকাৰত প্ৰদীপ গ্যাৱালিয়ে কয় যে, যোৱা বছৰৰ নৱেম্বৰ আৰু ডিচেম্বৰত আৰু এই বছৰৰ মে' মাহত আলোচনাৰ বাবে অনুৰোধ জনোৱা হৈছিল ৷
গ্যাৱালিয়ে কয়, "এই সমস্যাসমূহ সমাধানৰ বাবে নেপালে আলোচনাত বহিব বিচাৰে বুলি আমি পুনৰ ক'ব বিচাৰিম ৷"
তেওঁ কয়, "আমি আনুষ্ঠানিক বাৰ্তালাপৰ বাবে অপেক্ষা কৰি আছো যাতে এই দুই দেশে এনে এক প্ৰেৰণাদায়ক সম্বন্ধ সৃষ্টি কৰিব পাৰে যাৰ দ্বাৰা 21 শতিকাৰ সকলো প্ৰয়োজনীয়তা পূৰণ হয় ৷"
উল্লেখ্য যে, যোৱা মাহত হিমালয়ৰ সৈতে সংলগ্ন এক পথত ভাৰতে লিপু লেখ হিমালয়ান পাছৰ উদঘাটন কৰাৰ পাচতে দুই দেশৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিল ৷