নিউজ ডেস্ক,১১ ফেব্ৰুৱাৰী:বিগত মাহত দুৰ্ঘটনা সংঘটিত হোৱা ইণ্ডোনেছিয়াৰ বিমান শ্ৰীউইজয়াৰ দুৰ্ঘটনাৰ সন্দৰ্ভত বয়িঙৰ কাৰিকৰী বিশেষজ্ঞসকলে দুৰ্ঘটনাৰ তদন্তত সহায় আগবঢ়াব । বুধবাৰে এক বিবৃতিযোগে এই কথা জনাই বিমান কৰ্তৃপক্ষই । বুধবাৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা সমিতিয়ে বিমানখনৰ কাৰিকৰী বিজুতিৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জনায় ।
ইণ্ডোনেছিয়াৰ বিমান দুৰ্ঘটনাত সহায় আগবঢ়াব বয়িঙে - শ্ৰীউইজয়া এছ জে-১৮২ বিমান
বিগত মাহত দুৰ্ঘটনা সংঘটিত হোৱা ইণ্ডোনেছিয়াৰ বিমান শ্ৰীউইজয়াৰ দুৰ্ঘটনাৰ সন্দৰ্ভত বয়িঙৰ কাৰিকৰী বিশেষজ্ঞসকলে দুৰ্ঘটনাৰ তদন্তত সহায় আগবঢ়াব । ৯ জানুৱাৰীত দুৰ্ঘটনাত পতিত বিমানখনৰ ৬২ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল ।

ইণ্ডোনেছিয়াৰ বিমান দুৰ্ঘটনাত সহায় আগবঢ়াব বয়িঙে
উল্লেখ্য যে,যোৱা ৯ জানুৱাৰীত বয়িং ৭৩৭-৫০০ ৰ শ্ৰীউইজয়া এছ জে-১৮২ বিমানখনে জাকাৰ্টাৰ পৰা অৱতৰণ কৰাৰ কেইটামান মুহুৰ্তৰ পাচতে ৰাডাৰৰ পৰ্দাৰ পৰা অদৃশ্য হৈ দুৰ্ঘটনাত পতিত হৈছিল । ফলত ৬২ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱায় ৷