অসম

assam

ETV Bharat / international

কৰ'ণা ভাইৰাছ : বেইজিঙত বন্ধ হ'ল ফুড মাৰ্কেট - মৃত্যু হৈছে 4,634 গৰাকীৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই কয় যে, শুকুৰবাৰে বেইজিঙত ছয়টা নতুন ঘটনা পোহৰলৈ আহিছে ৷ বৃহস্পতিবাৰে পোৱা গৈছিল এজন আক্ৰান্ত লোক ৷ প্ৰায় 50 দিনৰ ভিতৰত এয়া প্ৰথমটো স্থানীয়ভাৱে সংক্ৰমিত ঘটনা আছিল ৷

কৰ'ণা ভাইৰাছ
বেইজিঙত বন্ধ হ'ল ফুড মাৰ্কেট

By

Published : Jun 13, 2020, 2:24 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 13 জুন : বেইজিঙে বন্ধ কৰিলে চহৰৰ বৃহৎ পাইকাৰী খাদ্যৰ বজাৰ ৷ চহৰখনত নতুনকৈ সাতটা কৰ'ণা ভাইৰাছ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পাচতে শনিবাৰে বজাৰখন বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বেইজিঙত বন্ধ হ'ল ফুড মাৰ্কেট

জিনফাদি বজাৰত কৰ্মৰত এজন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি লাভ কৰাৰ পাচতে 4000 লোকৰ পৰীক্ষণ কৰা হ'ব বুলি জানিবলৈ দিয়ে জিনহুৱা নিউজ এজেন্সীয়ে ৷

ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই কয় যে, শুকুৰবাৰে বেইজিঙত ছয়টা নতুন ঘটনা পোহৰলৈ আহিছে ৷ বৃহস্পতিবাৰে পোৱা গৈছিল এজন আক্ৰান্ত লোক ৷ প্ৰায় 50 দিনৰ ভিতৰত এয়া প্ৰথমটো স্থানীয়ভাৱে সংক্ৰমিত ঘটনা আছিল ৷

প্ৰথম তিনিটা ঘটনাৰ নিশ্চিতি লাভ কৰাৰ পাচতে এই সম্পৰ্কত গুৰুত্ব আৰোপ কৰা হয় বুলি জানিবলৈ দিয়ে চীনৰ সংবাদ মাধ্যমে ৷

শুকুৰবাৰে বজাৰৰ সকলো লোকৰ পৰীক্ষণ চলোৱা হয় ৷ চহৰখনৰ সকলো পাইকাৰী বজাৰৰ খাদ্য সামগ্ৰী পৰীক্ষণ আৰু পৰিৱেশৰ নমুনা সংগ্ৰহ কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে চহৰ পৰিচালনা সমিতিয়ে ৷

নতুনকৈ বেইজিঙত কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ততাতৈয়াকৈ প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷ আনহাতে, স্কুলসমূহ খোলাৰ সিদ্ধান্তও স্থগিত ৰাখিছে ৷

উল্লেখ্য যে, এই পৰ্যন্ত চীনত কৰ'ণা আক্ৰান্তৰ সংখ্যা 83,075 হোৱাৰ বিপৰীতে মৃত্যু হৈছে 4,634 গৰাকীৰ ৷

লগতে পঢ়ক : ভাৰত, লাও PDR য়ে COVID ৰ পাচত বৈশ্বিক সহযোগিতাৰ বাবে সন্মতি

ABOUT THE AUTHOR

...view details