অসম

assam

ETV Bharat / international

2001ৰ ঢাকা বোমা বিস্ফোৰণৰ 10 অভিযুক্তক মৃত্যুদণ্ড

2001 চনৰ ঢাকা বোমা বিস্ফোৰণৰ লগত জড়িত 10 অভিযুক্তক মৃত্যুদণ্ড ন্যায়ালয়ৰ ৷ নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হৰকত-উল-জেহাদ অল-ইছলামীৰ 10 গৰাকী সদস্য এই ঘটনাৰ লগত জড়িত ৷

B'desh sentences 10 to death over 2001 rally blast
2001ৰ ঢাকা বোমা বিস্ফোৰণৰ 10 অভিযুক্তক মৃত্যুদণ্ড

By

Published : Jan 20, 2020, 6:34 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃবাংলাদেশৰ এক ন্যায়ালয়ে 2001 চনৰ ৰাজনৈতিক ৰেলী বিস্ফোৰণত জড়িত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হৰকত-উল-জেহাদ অল-ইছলামীৰ 10 গৰাকী সদস্যক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে ৷

তৃতীয় অতিৰিক্ত মেট্ৰ’পলিটান সত্ৰ ন্যায়াধীশৰ ঢাকা ন্যায়ালয়ৰ ন্যায়াধীশ এমডি ৰাবুল আলমে এই মৃত্যদণ্ডৰ ৰায়ৰ ঘোষণা কৰে ৷

উল্লেখ্য যে, 2001 চনৰ 20 জানুৱাৰীত ৰাজধানী ঢাকাৰ পল্টন খেলপথাৰত বাংলাদেশ কমিউনিষ্ট দলৰ ৰেলীত হোৱা বিস্ফোৰণত পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় 50 গৰাকী লোক আহত হৈছিল ৷ ইয়াৰ পৰিৱৰ্তী পৰ্যায়ত বাংলাদেশ কমিউনিষ্ট দলৰ সেইসময়ৰ অধ্যক্ষ মোনজুৰল এহছান খানে এই ঘটনা সন্দৰ্ভত অচিনাকী দুৰ্বৃত্তৰ বিৰুদ্ধে দোষাৰোপ কৰি গোচৰ ৰুজু কৰিছিল ৷

অনুসন্ধানকাৰী বিষয়া চি.আই.ডি পৰিদৰ্শক মৃণাল কান্তি শ্বাহাই 2013 চনৰ 27 নৱেম্বৰত ঢাকাৰ মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেট ন্যায়ালয়ত এই ঘটনাৰ দুখন অভিযোগ পত্ৰ দাখিল কৰিছিল ৷ শুনানিৰ সময়ত ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত গোচৰদাৰীসহ 46 অভিযোজন পক্ষৰ সাক্ষীৰ বক্তব্য ৰুজু কৰিছিল ৷ আনহাতে বিগত 2019 বৰ্ষৰ 1 ডিচেম্বৰত ন্যায়ালয়ে সকলো পক্ষৰ সকলো দলিল পৰ্যবেক্ষণ কৰাৰ পিচত উপস্থাপনৰ তাৰিখ নিৰ্ধাৰণ কৰে ৷

আৰু পঢ়কঃইৰান সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাৱধানবাণী ইউনেস্ক'ৰ

ABOUT THE AUTHOR

...view details