অসম

assam

By

Published : May 19, 2020, 3:12 PM IST

ETV Bharat / international

"আম্ফান"ৰ বাবে উপকূলৰ 2 মিলিয়ন লোকক স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ বাংলাদেশৰ

বাংলাদেশৰ দক্ষিণ উপকূলৰ ফালে দ্ৰুত গতিৰে আগবাঢ়ি থকা "আম্ফান" ঘূৰ্ণী বতাহৰ বাবে অঞ্চলটোৰ পৰা 2 মিলিয়ন লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছে বাংলাদেশ চৰকাৰে । বিপদ মাপনীত এই ঘূৰ্ণী বতাহৰ মান 10 ভিতৰত 7 বুলি গণ্য কৰিছে চৰকাৰে ।

"অম্ফান"ৰ বাবে উপকূলৰ 2 মিলিয়ন লোকক স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ বাংলাদেশৰ
"অম্ফান"ৰ বাবে উপকূলৰ 2 মিলিয়ন লোকক স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ বাংলাদেশৰ

নিউজ ডেস্ক, 19 মে': বাংলাদেশ চৰকাৰে সোমবাৰে এক নিৰ্দেশনা যোগে দেশখনৰ উপকূলৰ পৰা 2 মিলিয়ন লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছে । বাংলাদেশৰ দক্ষিণ উপকূলৰ ফালে দ্ৰুত গতিৰে আগবাঢ়ি থকা "আম্ফান" ঘূৰ্ণী বতাহৰ বাবেই এই নিৰ্দেশনা জাৰি কৰিছে ।

আটাইতকৈ স্পৰ্শকাতৰ হৈ থকা দক্ষিণ-পশ্চিম উপকূলীয় জিলাৰ 19 টা অঞ্চলৰ সকলো লোকৰে জীৱন বচাবলৈ সৰ্বাত্মক প্ৰস্তুতি কৰিবলৈ কোৱা হৈছে বুলি জনাই দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰণালয়ৰ সচিব শ্বাহ কামালে ।

তেওঁ অৱগত কৰা অনুসৰি, 18 ৰ পৰা 20 লাখ লোকক মুঠ 13,078 টা আশ্ৰয় শিবিৰলৈ উপকূলীয় অঞ্চলৰ পৰা স্থানান্তৰিত কৰা হৈছে ।

বাংলাদেশ চৰকাৰে এই ধুমুহাৰ বিপদ সম্পৰ্কে আলোচনা কৰি এই বিপদৰ পৰিমান 10ৰ ভিতৰত 7 হ'ব বুলি মাপ কৰিছে । দক্ষিণ-পশ্চিম সাগৰীয় বন্দৰ মংগলা আৰু পায়ৰাৰ বাবে দিছে এই মাপনী ।

আনহাতে, আন দুটা প্ৰধান বন্দৰ ছট্টগ্ৰাম আৰু কজ'ৰ বাজাৰৰ বাবে নিৰ্ধাৰণ কৰিছে 6 মাপনী ।

বতৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি শক্তিশালী ঘূৰ্ণী বতাহে বংগোপ উপসাগৰেৰে আহি ভাৰতৰ সীমান্তত থকা বাংলাদেশৰ উপকূলত চিধা খুন্দা মাৰিব আৰু দুয়োখন দেশতে এই ধুমুহাই বিস্তৰ ক্ষতি কৰিব ।

20 মে'ত এই বতাহে বাংলাদেশৰ সাগৰীয় উপকূল পোৱাৰ আগতেই সুৰক্ষাৰ সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া দৈছে । বহু সংখক লোকক স্থানান্তৰিতত কৰণৰ লগতে আন আন সুৰক্ষাত্মক দিশবোৰ চাবলৈ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰণালয়ে নিৰ্দেশ দিছে ।

জলবায়ু বিশেষজ্ঞৰ মতে, ভূ ভাগ পোৱালৈ এই ঘুৰ্ণী বতাহ দুৰ্বল হৈ পৰিলেও ই ব্যাপক ক্ষতি কৰিব পাৰিব আৰু আন ধুমুহাৰো সৃষ্টি কৰিব পাৰিব । ইয়াৰ সৰ্বোচ্চ উচ্চতা 30 ফুট পৰ্যন্ত হ'ব ।

ইফালে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকায়ো সমস্যাৰ সৃষ্টি কৰিছে । সেয়ে সকলো লোককে স্থানান্তৰিত হোৱাৰ সময়ত সামাজিক দূৰত্ব পালন কৰিবলৈ কোৱা হৈছে ।

ABOUT THE AUTHOR

...view details