নিউজ ডেস্ক, 29 জুনঃ বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লা আল মহচিন চৌধাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ সোমবাৰে পুৱা 9 বজাত মৃত্যুবৰণ কৰে । সোমবাৰে CMH ত ভৰ্তি হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু হয় । এই কথা প্ৰকাশ কৰে বাংলাদেশ চৰকাৰে ।
বিষয়া জনৰ দেহত 29 মে'ত ধৰা পৰিছিল COVID-19 । তাৰ পাচতেই তেওঁক ঢাকাৰ CMH হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । পাচত 6 জুনত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ICU ত ভৰ্তি কৰা হৈছিল । পৰৱৰ্তী সময়ত 18 জুনৰ পৰা তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল । তাৰ মাজতে সোমবাৰে 9.30 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।