অসম

assam

ETV Bharat / international

বাংলাদেশত আৰক্ষী বিষয়াক অপসাৰণ,অন্ত্যেষ্টিক্রিয়াত জনসমাগম ৰোধ কৰাত ব্যৰ্থ - বাংলাদেশৰ ব্ৰহ্মানবাৰিয়া জিলা

বাংলাদেশৰ ব্ৰহ্মানবাৰিয়া জিলাৰ ছাৰেইল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বাহদাদ হুচেইন টিটুক অপসাৰণ । জেষ্ঠ মুছলিম ধৰ্মগুৰুৰ অন্ত্যেষ্টিক্রিয়াত ১০,০০০ হাজাৰ লোকক বাধা প্ৰদানত ব্যৰ্থ হোৱাৰ বাবেই অপসাৰণ বিষয়াগৰাকীক ।

Bangladesh removes police officer over massive funeral gathering amid lockdown
বাংলাদেশত আৰক্ষী বিষয়াক অপসাৰণ,অন্ত্যেষ্টিক্রিয়াত জনসমাগম ৰোধ কৰাত ব্যৰ্থ

By

Published : Apr 20, 2020, 4:42 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃবাংলাদেশত কৰ'ণা ভাইৰাছৰ মহামাৰীৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতেই পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ । জেষ্ঠ মুছলিম ধৰ্মগুৰুৰ অন্ত্যেষ্টিক্রিয়াত সমাগম ঘটে প্ৰায় ১০,০০০ হাজাৰ লোকৰ । আনহাতে এই জনসমাগমক বাধা প্ৰদানত ব্যৰ্থ হোৱাৰ বাবেই অপসাৰণ কৰা হয় বাংলাদেশৰ ব্ৰহ্মানবাৰিয়া জিলাৰ ছাৰেইল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বাহদাদ হুচেইন টিটুক ।

আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা শনিবাৰে অপসাৰণ কৰা হয় আৰক্ষী বিষয়াগৰাকীক। পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথোপযুক্ত ভূমিকা পালন নকৰাৰ বাবেই অপসাৰণ কৰা হয় হুচেইনক ।

শনিবাৰে মাস্ক অবিহনে,সামাজিক দুৰত্বৰ নিয়ম অৱজ্ঞা কৰি হাজাৰ হাজাৰ লোক খিলাফট মাজলিছ'ছ নায়েব-ই-আমিৰ মৌলানা জুৱায়েৰ আহমদ আনচাৰীৰ অন্ত্যেষ্টিক্রিয়াত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে ওলাই আহিছিল। বেৰটলা গাঁওৰ ব্ৰহ্মানবাৰিয়া জিলাত অনুষ্ঠিত হৈছিল এই অন্ত্যেষ্টিক্রিয়া অনুষ্ঠান। শুকুৰবাৰে জেষ্ঠ মুছলিম ধৰ্মগুৰুজনৰ নিজ বাসগৃহতে মৃত্যু হৈছিল। অৱশ্যে এনে জনসমাগমৰ অনুমান কৰা নাছিল বুলি কয় অপসাৰণৰ সন্মুখীন আৰক্ষী বিষয়াগৰাকীয়ে ।

বাংলাদেশত বৰ্তমানলৈকে কোভিড-১৯ ত ২১৪৪ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৮৪ জনৰ ।

ABOUT THE AUTHOR

...view details