অসম

assam

By

Published : Apr 16, 2021, 10:06 PM IST

ETV Bharat / international

ম্যানমাৰৰ পৰিস্থিতি সন্দৰ্ভত ২৪ এপ্ৰিলত আছিয়ান সন্মিলন

অহা ২৪ এপ্ৰিলত সকলো ৰাষ্ট্ৰৰ ১০ জনীয়া সদস্যই ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পাচত দেশখনৰ সামৰিক বাহিনীৰ হিংসাৰ বিষয়ে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে । অহা সপ্তাহত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত এই বৈঠক অনুষ্ঠিত হ'ব ।

ম্যানমাৰৰ পৰিস্থিতি সন্দৰ্ভত ২৪ এপ্ৰিলত আছিয়ান সন্মিলন
ম্যানমাৰৰ পৰিস্থিতি সন্দৰ্ভত ২৪ এপ্ৰিলত আছিয়ান সন্মিলন

ইণ্টাৰ নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পাচত দেশখনৰ সামৰিক বাহিনীৰ হিংসাৰ বিষয়ে অহা সপ্তাহত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসংঘৰ (আছিয়ান) সংগঠনৰ নেতাসকলে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে । অহা ২৪ এপ্ৰিলত সকলো ৰাষ্ট্ৰৰ ১০ জনীয়া সদস্যই সন্মিলনত অংশগ্ৰহণ কৰিব । জানিব পৰা অনুসৰি, ম্যানমাৰত সামৰিক অভ্যুত্থান বিৰোধী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সামৰিক অভিযানত শ শ লোক নিহত হোৱাৰ পাচতে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জকো উইডোৱে যোৱা মাহত ১০ জনীয়া আছিয়ান ব্লকৰ এখন সন্মিলনৰ আহ্বান জনাইছিল ।

প্ৰাক্তন কাৰ্যকৰী নেতা অং চাং চু কিৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতালৈ ঘূৰাই দিয়াৰ দাবীত হোৱা প্ৰতিবাদক বাধা দিবলৈ সামৰিক বাহিনীয়ে সম্পূৰ্ণ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল । আনহাতে সেনাবাহিনীয়ে ১ ফেব্ৰুৱাৰীৰ পৰা গৃহবন্দী কৰি ৰাখিছে অং চাং চু কিক । আনহাতে ম্যানমাৰৰ সেনাৰ হাতত মৃত্যু হোৱা লোকৰ সংখ্যাকলৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে দেশখনৰ এটা পৰ্টেলত প্ৰকাশ পোৱা মতে মৃত লোকৰ সংখ্য়া ৭০০ ৰো অধিক গৰাকীলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব আমেৰিকান সৈন্য: জ’ বাইডেন

ABOUT THE AUTHOR

...view details