নিউজ ডেস্ক, 2 জুলাইঃ শ্ৰমিক বজাৰত COVID-19ৰ প্ৰভাৱ সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই কৰা এক বিশ্লেষণত পোৱা গৈছে যে, 2020 বৰ্ষৰ প্ৰথমাৰ্ধত বিশ্বত কৰ্তব্যৰ সময় পূৰ্বৰ তুলনাত যথেষ্ট বেয়া আছিল ৷ সংস্থাটোৱে সকীয়নি প্ৰদান কৰে যে, বছৰটোৰ দ্বিতীয়াৰ্ধত হোৱা লোকচান প্ৰাক মহামাৰীত স্তৰলৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত যথেষ্ট নহয় ৷ আনকি বৃহৎ সংখ্যক লোকে চাকৰি হেৰুওৱাৰো সম্ভাৱণা প্ৰকট হৈছে ৷
2020 বৰ্ষৰ দ্বিতীয়াৰ্ধ
নতুন বিশ্লেষণে 2020 বৰ্ষক দ্বিতীয়াৰ্ধত পুনৰুদ্ধাৰৰ বাবে তিনিটা পৰিস্থিতি উপস্থাপন কৰিছে ৷ নিৰ্ধাৰিত ৰেখা, নিৰাশাবাদী আৰু আশাবাদী ৷ এই বিশ্লেষণত জানিব পৰা গৈছে, দীৰ্ঘম্যাদী ভৱিষ্যৎ মহামাৰী আৰু চৰকাৰী নীতি নিয়মৰ গতিপথৰ ওপৰত নিৰ্ভৰ কৰিব ৷
নিৰ্ধাৰিত ৰেখাঃযিয়ে পূৰ্বতে বিদ্য়মান অৰ্থনৈতিক ক্ৰিয়াকলাপৰ ওপৰত সামঞ্জস্য ৰাখি পুনৰুদ্ধাৰৰ হিচাপ কৰিব ৷
নিৰাশাবাদী পৰিস্থিতিঃ ই দ্বিতীয় মাহামাৰীৰ তৰংগ আৰু প্ৰতিবন্ধকতাৰ প্ৰত্যাবৰ্তনক যথেষ্ট ধীৰ গতিৰে পুনৰুদ্ধাৰ কৰিব ৷