অসম

assam

ETV Bharat / international

হিন্দু মন্দিৰ ধ্বংসৰ অভিযোগত পাকিস্তানত গ্ৰেপ্তাৰ 24 জনক - পাকিস্তানৰ কাৰাক

বুধবাৰে পাকিস্তানৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত কাৰাক চহৰৰ এটা মন্দিৰ ধ্বংস কৰাৰ পাচতে স্থানীয় আৰক্ষীয়ে অনুসন্ধান চলাই 24 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

পাকিস্তানৰ কাৰাকত হিন্দু মন্দিৰ ধ্বংসৰ অভিযোগত গ্ৰেপ্তাৰ 24 জন
পাকিস্তানৰ কাৰাকত হিন্দু মন্দিৰ ধ্বংসৰ অভিযোগত গ্ৰেপ্তাৰ 24 জন

By

Published : Dec 31, 2020, 10:04 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ: চৰমপন্থী ইছলামিক দল এটাই এটা হিন্দু মন্দিৰ ভঙাৰ লগতে তাত অগ্নি সংঘোগ কৰাৰ অভিযোগত পাকিস্তান আৰক্ষীয়ে অনুসন্ধান চলাই 24 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

বুধবাৰে দেশখনৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত কাৰাক চহৰৰ এটা মন্দিৰ ধ্বংস কৰা কাৰ্যক মানৱ অধিকাৰৰ কাৰ্যকৰ্তা সকল আৰু পাকিস্তানৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ নেতাসকলে তীব্ৰ গৰিহণা প্ৰদান কৰে ৷

স্থানীয় আৰক্ষীয়ে কয় যে, তেওঁলোকে চৰমপন্থী মৌলানা শ্বৰীফ আৰু অন্য ব্যক্তি সকলক গ্ৰেপ্তাৰ কৰিবলৈ 24 জনকৈ লোকক নিজৰ জিম্মাত লৈছিল ৷ যিয়ে মন্দিৰ ধ্বংসত ভাগ লোৱাৰ লগতে উচতনি প্ৰদান কৰিছিল ৷

মন্দিৰটোত আক্ৰমণ তেতিয়াই হৈছিল যেতিয়া হিন্দু সম্প্ৰদায়ৰ সদস্যসকলে স্থানীয় কৰ্তৃপক্ষৰ পৰা মন্দিৰটো পুনঃনিৰ্মাণৰ বাবে অনুমতি লাভ কৰিছিল ৷ যদিও পাকিস্তানত উভয় সম্প্ৰদায়ৰ লোকে শান্তিৰে বসবাস কৰি আছে, তথাপিও শেহতীয়া বছৰটোত হিন্দু মন্দিৰসমূহত অন্যান্য কিছুমান আক্ৰমণো হৈছিল ৷

লগতে পঢ়ক:মালয়েছিয়াৰ বৃহৎ খেজুৰ তেলৰ কোম্পানীক নিষিদ্ধ ঘোষণা আমেৰিকাৰ

ABOUT THE AUTHOR

...view details