অসম

assam

ETV Bharat / international

আফগানিস্তানৰ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' ঘোষণা আমৰুল্লাহ ছালেহৰ - ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি

তালিবানে(Taliban) আফগানিস্তান(Afghanistan) দখল কৰাক লৈ সৃষ্টি হোৱা সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে দেশৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহে(Amrullah Saleh) । মঙলবাৰে তেওঁ ঘোষণা কৰে যে, তেওঁ বৰ্তমানেও আফগানিস্তানতে আছে আৰু তেওঁ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' ।

Amrullah Saleh emerges to declare himself Afghan legitimate caretaker President
নিজকে আফগানিস্তানৰ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' ঘোষণা আমৰুল্লাহ ছালেহৰ

By

Published : Aug 18, 2021, 1:06 PM IST

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট: শেহতীয়াকৈ তালিবানে আফগানিস্তানত আধিপত্য বিস্তাৰ কৰাৰ পূৰ্বে দেশখনৰ উপ-ৰাষ্ট্ৰপতি দায়িত্ব পালন কৰা আমৰুল্লাহ ছালেহে(Amrullah Saleh) এতিয়া নিজকে দেশখনৰ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' বুলি ঘোষণা কৰিছে । মঙলবাৰে টুইটযোগে ছালেহে ঘোষণা যে, তেওঁ বৰ্তমানেও আফগানিস্তানতে আছে ।

উল্লেখ্য যে, তালিবানে কাবুলৰ দিশে আগবাঢ়ি অহাৰ সময়তে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে দেশ ত্যাগ কৰিছিল আৰু এতিয়াও তেওঁৰ অৱস্থান সম্পৰ্কে কোনো তথ্য জানিব পৰা হোৱা নাই । ঘানিৰ সৈতে ছালেহো পলায়ন কৰা বুলি চৰ্চা আৰম্ভ হৈছিল । মঙলবাৰে আমৰুল্লাহ ছালেহে এই বিষয়ে কেতবোৰ তথ্য ৰাজহুৱা কৰে ।

টুইটযোগে তেওঁ উল্লেখ কৰে যে, আফগানিস্তানৰ সংবিধান অনুসৰি, ৰাষ্ট্ৰপতিৰ অনুপস্থিতি, পলায়ন, মৃত্যু অথবা ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে উপ-ৰাষ্ট্ৰপতিয়ে তত্বাৱধায়ক ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব লাগে । তেওঁ বৰ্তমানেও নিজ দেশতে আছে বুলিও টুইটটোত স্পষ্ট কৰি দিয়ে । সকলো নেতাৰ সমৰ্থন আৰু সহমতৰ বাবে তেওঁলোকক সাক্ষাৎ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

পাকিস্তানৰ আশীৰ্বাদপুষ্ট অপশক্তিৰ অত্যাচাৰ আৰু নিৰ্মম স্বৈৰাচাৰী শাসনৰ বিৰোধিতা কৰাটো দেশখনৰ সকলো নাগৰিকৰ অধিকাৰ বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে, আফগসকলে প্ৰমাণ কৰিব লাগিব যে আফগানিস্তান 'ভিয়েটনাম' নহয় আৰু তালিবান 'ভিয়েটকঙ'ৰ দৰে নহয় ।

আন এক টুইটত তেওঁ উল্লেখ কৰিছে যে, আফগানিস্তানৰ জনতাই আমেৰিকাৰ দৰে নিজৰ সাহস হেৰুওৱা নাই । তদুপৰি সকলোকে এই যুঁজত জড়িত হ'বলৈ আহ্বান জনায় । দেশখনৰ শাসন ব্যৱস্থা চলাই নিয়াৰ সন্দৰ্ভত কাটাৰৰ ডোহাত আলোচনা অব্যাহত ৰাখিছে তালিবানে । শেহতীয়াকৈ আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱনো দখল কৰিছে তালিবানে । কাবুল সম্পূৰ্ণ ৰূপে তালিবানে নিজৰ নিয়ন্ত্ৰণলৈ আনিছে ।

লগতে পঢ়ক: আফগানসকলৰ বাবে জৰুৰীকালীন ই-ভিছা ঘোষণা ভাৰতৰ

ABOUT THE AUTHOR

...view details