ইন্টাৰনেশ্যনেল ডেস্ক, 24 এপ্ৰিল: COVID-19 মহামাৰী প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে দক্ষিণ আৰু পূৱ চীন সাগৰত অশান্তিকৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে চীনে ৷ ইয়াৰ জৰিয়তে 2,00,000 লাখকৈ লোকৰ মৃত্যু হোৱা মহামাৰীৰ উৎপত্তি চীনৰ পৰা হোৱা বুলি সকলোৱে কৰি অহা অভিযোগৰ পৰা ধ্যান আঁতৰাব বিচাৰিছে দেশখনে ৷ ASEAN ৰ নেতাসকলৰ সৈতে হোৱা এক ভিডিঅ' কনফাৰেন্সিঙত US Secretary of Stateমাইক পোম্পিঅ'ই কয় যে,দক্ষিণ চীনৰ সাগৰীয় এলেকাত চীনে দুষ্ট কাৰ্যকলাপ বৃদ্ধি কৰি মহামাৰীৰ সৈতে যুঁজ দি থকা দেশসমূহৰ ধ্যান ভংগ কৰিব বিচাৰিছে ৷
এক বৈজ্ঞানিক তথ্য সন্দৰ্ভতো চিন্তা ব্যক্ত কৰি পোম্পিঅই কয় যে,বেইজিঙৰ এক বান্ধে মেকং নৈৰ প্ৰবাহৰ গতি সলনি কৰি দিছে ৷ ইয়াৰ ফলত থাইলেণ্ড, লাওছ,ভিয়েটনাম আৰু কম্বোডিয়াই পানীৰ অভাৱত ভুগিছে ৷