অসম

assam

চীনৰ ৱুহান চহৰৰ পৰা অনা হৈছে 645 গৰাকী ভাৰতীয়ক

By

Published : Feb 7, 2020, 7:21 PM IST

চীনৰ ৱুহান চহৰৰ পৰা ইতিমধ্যে অনা হৈছে 645 গৰাকী ভাৰতীয় লোকক ৷ বৰ্তমান তেওঁলোকৰ কৰ'ণা ভাইৰাছৰ কিছু পৰীক্ষা আব্যাহত ৰখা হৈছে ৷ চীনৰ পৰা অহা এচিপ্ট'মেটিক যাত্ৰীৰ বাবে বিভিন্ন প্ৰযুক্তিগত বিষয়ক সামৰি The Fourth Joint Monitoring Group (JMG) য়ে এক সভাও অনুষ্ঠিত কৰে ৷

চীনৰ ৱুহান চহৰ
চীনৰ ৱুহান চহৰ

নিউজ ডেস্ক, 7 জানুৱাৰীঃকেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে সদৰী কৰা এক তথ্য অনুসৰি, চীনৰ ৱুহান চহৰৰ পৰা 645 গৰাকী ভাৰতীয়ক ইতিমধ্যে অনা হৈছে ৷ তেওঁলোকক বৰ্তমানসেনাৰ শিবিৰত আৰু আইটিবিপি কেম্পপৃথকীকৰণ ৱাৰ্ডত ৰাখি কৰ'ণা ভাইৰাছৰ কিছু পৰীক্ষা আব্যাহত ৰাখিছে ৷

এক বিজ্ঞপ্তি অনুসৰি, 1,265 খন বিমানত 1,38,750গৰাকী যাত্ৰীক 5 ফেব্ৰুৱাৰীত কৰ'ণা ভাইৰাছৰ বাবে পৰীক্ষা কৰা হৈছে ৷ ইয়াৰোপৰি 510 টা নমুনা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ দ্বাৰা পৰীক্ষাগাৰত প্ৰেৰণ কৰা হৈছিল আৰু পৰীক্ষাত 3 টাৰ বহিৰে সকলোবোৰ নেতিবাচক পৰিলক্ষিত হৈছিল ৷

চীনৰ পৰা অহা এচিপ্ট'মেটিক যাত্ৰীৰ প্ৰয়োজনীয় পৰ্যায়ৰ পৰ্যালোচনাৰ লগতে বিভিন্ন প্ৰযুক্তিগত বিষয়ক সামৰি এক আলোচনাৰ উদ্দেশ্যে বৃহস্পতিবাৰে স্বাস্থ্য পৰিসেৱা দপ্তৰৰ অধীনত The Fourth Joint Monitoring Group (JMG)য়ে এক সভা অনুষ্ঠিত কৰে ৷

লগতে পঢ়ক ঃ 170 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

ABOUT THE AUTHOR

...view details