ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ: আফগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাৰ পিছৰে পৰা বিশ্বৰ বহু দেশে আফগানিস্তানক নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে । আফগানিস্তানক সন্ত্ৰাসৰ মূল ঘাটি হিচাপে ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী সংগঠনে সন্ত্ৰাস বিয়পাব বুলি আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব ।
এনে পৰিস্থিতিৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া মুখ্য সচিব মাৰ্ক মিলিয়ে কয় যে, পৰৱৰ্তী ৬-৩৬ মাহৰ ভিতৰত আফগানিস্তানত আল-কায়দা বা ISIS ৰ পুনৰ গঠনৰ সম্ভাৱনা আছে । বুধবাৰে হাউচ আৰ্মড চাৰ্ভিচেছ কমিটিৰ শুনানিত মিলিয়ে কয় যে, এই মূহুৰ্তত আফগানিস্তানৰ পৰা সন্ত্ৰাসবাদীৰ যি ভাবুকি আহিছে, সেয়া ৯/১১ তকৈ কম প্ৰভাৱী । কিন্তু আল-কায়দা অথবা আই এছ আই এছৰ পুনৰ্গঠনৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।