নিউজ ডেস্ক, 10 জুলাইঃ ফাউণ্ডেশ্বন ফৰ ডিফেন্স অৱ ডেম'ক্ৰেটিকছ নামৰ এক সামৰিক জাৰ্ণেলত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে কৰি অহা ষড়যন্ত্ৰৰ কথা পুনৰবাৰ পোহৰলৈ আহিছে ৷ ভাৰতীয় নিৰাপত্তা বাহিনী আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা ল'বলৈ পাকিস্তানে মুজাহিদীন ইন কাশ্মীৰ নামে সংগঠনৰ সহায় লোৱাৰ কথা উল্লেখ কৰিছে প্ৰসিদ্ধ লেখক থমাছ জছকেলিনে ৷
কাশ্মীৰ সমস্যাক লৈ ভাৰতক সাৱধানবাণী অল-কায়দাৰ মুৰব্বীৰ - Al Qaeda threatens India
ভাৰতৰ পুনৰবাৰ সাৱধানবানী পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ ৷ এখন সংবাদপত্ৰত লিখা এক প্ৰৱন্ধত সংগঠনটোৰ প্ৰধান আমান-অল-জাৱাহিৰিয়ে কাশ্মীৰ সমস্যাক লৈ ভাৰতক সাৱধানী প্ৰদান কৰাৰ বিষয়ে উল্লেখিত হৈছেফা ৷ আমান-অল-জাৱাহিৰিয়ে ভাৰতীয় নিৰাপত্তা বাহিনী আৰু জম্মু কাশ্মীৰ চৰকাৰৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবুকি প্ৰদান কৰিছে ৷
পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ প্ৰধান আমান-অল-জাৱাহিৰিয়ে ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোক নিৰ্দেশনা প্ৰদান কৰাৰ কথা প্ৰকাশ পাইছে প্ৰৱন্ধটোত ৷ জাৱাহিৰিয়ে প্ৰকাশ কৰা এক ভিডিঅ'ৰ কথা প্ৰৱন্ধটোত লিখিছে বিশিষ্ট সামৰিক লেখকগৰাকীয়ে ৷ ইয়াৰ লগতে ভাৰতৰ বিৰুদ্ধে কিদৰে সন্ত্ৰাস ৰচনা কৰি আহিছে তাকো বিস্তৃতভাৱে উল্লেখ কৰিছে ৷ প্ৰায় চৈধ্য মিনিটৰ এই ভিডিঅ'টোত কাশ্মীৰৰ যুৱপ্ৰজন্মক ভাৰতৰাষ্ট্ৰৰ বিৰুদ্ধে সন্ত্ৰাসবাদত লিপ্ত হ'বলৈ কোৱা হোৱাৰ লগতে ভিডিঅ'টোত দেখা গৈছিল জাকিৰ মুছাৰ দৰে সন্ত্ৰাসবাদীৰ ফটো যাক ভাৰতীয় সেনাই ইতিমধ্যে গুলীয়াই নিহত কৰিছে ৷ অৱশ্যে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ভাৰতীয় সেনাই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে ৷